Begin typing your search above and press return to search.

টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰিলে ৰাহুল গান্ধীয়ে

টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰিলে ৰাহুল গান্ধীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Dec 2018 10:38 AM GMT

ৰাজস্থান,মধ্যপ্ৰদেশ আৰু ছত্তীছগড়ত কংগ্ৰেছৰ জয়জয়কাৰ হোৱাৰ পিছত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দ্যেশি কৰা কটাক্ষ অব্যাহত আছে ৷ সদ্যহতে,মধ্যপ্ৰদেশৰ নব নিযুক্ত মুখ্যমন্ত্ৰী কমলনাথে কৃষকসকলক কৰৰ পৰা ৰেহাই দিয়াৰ প্ৰসংগত ৰাহুল গান্ধীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে যে, কংগ্ৰেছে অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীক দীঘলীয়া টোপনিৰ পৰা জগাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এতিয়াও শুই আছে । আমি তেওঁক জগাই দিম ।

ইফালে মংগলবাৰে ৰাহুল গান্ধীয়ে কৈছিল যে,আমি প্ৰধানমন্ত্ৰী মোডী তেতিয়ালৈকে শুবলৈ নিদিও যেতিয়ালৈকে,প্ৰধানমন্ত্ৰী মোডীয়ে কৃষকৰ কৰৰ ৰেহাই কৰি নিদিয়ে ৷ আমি সকলোবোৰ বিৰোধী দল একেলগ হৈ কৰ ৰেহাইৰ দাবী কৰিম৷ উল্লেখ্য যে, সোমবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে কমলনাথে শপত লৈয়ে মধ্যপ্ৰদেশৰ কৃষকসকলৰ কৰসমূহ ৰেহাই দিয়া কথাত, কৃষকসকলে স্বত্তিৰ নিশ্বাস পেলাইছিল। ইফালে বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ পত্ৰিকাত জনসাধাৰণক যি আশ্বাস প্ৰদান কৰিছিল ৷ তাৰ ভিতৰত,কৃষকসকলৰ কৰ ৰেহাই কৰি দিয়াও অন্যতম আছিল ৷গতিকে, কমলনাথে মধ্যপ্ৰদেশৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিয়ে কৃষকৰ কৰ ৰেহাই কৰি দিয়ে ৷

লগে লগে কৃষকসকল প্ৰায় ২ লাখ টকা পৰ্যন্ত কৰৰ পৰা উদ্ধাৰ হ’ল ।সম্প্ৰতি মধ্যপ্ৰদেশৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী কমলনাথৰ এই সিদ্ধান্তত প্ৰায় ৩০ লাখ কৃষক উপকৃত হৈছে ৷ ইফালে,প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলৰ কৰ ৰেহাই দিয়াৰ প্ৰসংগত কৈছিল যে,তেওঁ আশা কৰিছে যে,অনাগত ১০ দিনৰ ভিতৰত কংগ্ৰেছ চৰকাৰে কৃষকসকলৰ কৰ ৰেহাই কৰি দিব ৷ কিন্তু মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈয়ে কমলনাথে লোৱা এই সিদ্ধান্তত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ ইয়াৰোপৰি,মধ্যপ্ৰদেশৰ চৰকাৰে লৈছিল অন্য দুটা সিদ্ধান্ত ৷ কৃষকৰ কৰ ৰেহাই কৰি দিয়াৰ উপৰিও মধ্যপ্ৰদেশ মুখ্যমন্ত্ৰী কন্যাদান আঁচনিৰ ধন ২৮ হাজাৰৰ পৰা ৫১ হাজাৰলৈ বৃদ্ধি কৰি দিয়ে ৷

অন্য এটা সিদ্ধান্ত এয়ে যে,মধ্যপ্ৰদেশৰ উদ্যোগসমূহৰ মালিকে তেতিয়াহে চাবচিডী পাব,যেতিয়া তেওঁলোকে স্থানীয়লোক সকলক সেই উদ্যোগসমূহত সংস্থাপন দিব ৷ মুখ্যমন্ত্ৰী কমলনাথ এই সিদ্ধান্তৰ পিছতেই সম্প্ৰতি,কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ বিজেপিলৈ এৰা তীব্ৰ বাক্য বান অব্যাহত আছে ৷ ইফালে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৰ কটাক্ষ নতুন কথা নহয়৷ৰাফেল ডিলকে আদি কৰি বিভিন্ন প্ৰসংগত সুবিধা পালেই ৰাহুল গান্ধীয়ে বাক্য বাণ এৰে প্ৰধানমন্ত্ৰীৰ প্ৰতি ৷ গতিকে সম্প্ৰতি দেশৰ কৃষকসকলৰ কৰ ৰেহাই দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কি ব্যৱস্থা ল’ব সেয়া হ’ব উল্লেখনীয় ৷

ইফালে, নিৰ্বাচনী ফলাফলৰ পিছতে ছত্তীছগড়বাসীক টুইটাৰ যোগে ধন্যবাদ জনাই কয় যে,আমি সকলোৱে একেলগে আগবাঢ়ি যাম ৷ কৃষক,নতুন প্ৰজন্ম আৰু মহিলাসকলক বিশেষ প্ৰাধান্য থাকিব এই চৰকাৰখনত ৷কংগ্ৰেছৰ নেতা কৰ্মী সকলোৰে সহযোগত আমাৰ এই বিজয় সাব্যস্ত হৈছে ৷গতিকে সকলোকে ধন্যবাদ ৷ মধ্যপ্ৰদেশবাসীক উদ্দেশ্য কৰি ৰাহুল গান্ধীয়ে টুইটাৰ যোগে কয় যে, সত্য আৰু প্ৰেমৰ পথত যাত্ৰা কৰা কংগ্ৰেজ পাৰ্টিক জয়ী কৰাৰ কাৰণে ধন্যবাদ ৷ আপোনালোকৰ প্ৰগতিয়েই আমাৰ লক্ষ্য৷আমি সম্পূৰ্ণ একাগ্ৰতাৰে আপোনালোকৰ সেৱা কৰিম। আপোনালোকৰ কণ্ঠ শক্তিশালী হৈ ৰওক৷ ৰাজস্থানবাসীক উদ্দেশ্য কৰি ৰাহুল গান্ধীয়ে টুইট কৰে যে, ৰাজস্থানক সেৱা কৰিব পৰাটো কংগ্ৰেছ দলৰ কাৰণে গৌৰৱৰ বিষয়। আমি আমাৰ দায়িত্ব পালন কৰিম৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি