ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি টেষ্ট ক্ৰিকেটৰ বেটচমেনৰ তালিকাৰ শীৰ্ষ স্থানত অধিস্থিত হৈছে।ইংলেণ্ডৰ বিৰুদ্ধে ৩-১ ব্যৱধানত পিছপৰি থাকিলেও তাৰকা খেলুৱৈ গৰাকীয়ে সুন্দৰ খেলেৰে সকলোৰে দৃষ্টি নিবদ্ধ কৰিছে।এতিয়ালৈকে শৃংখলাটোৰ আঠটা ইনিংছত ৫৪৪ ৰান সংগ্ৰহ কৰি বেটছমেনৰ তালিকাত ৯৩৭ পইন্টেৰে শীৰ্ষস্থান অধিকাৰ কৰিছে।একেদৰে চিতেস্বৰ পুজাৰাই ৭৯৮ পইন্টেৰে ষষ্ঠ স্থানত আছে।ইতিমধ্যে ভাৰতৰ অধিনায়ক গৰাকীয়ে অধিনায়ক হিচাপে ৪০০০ ৰান সম্পূৰ্ণ কৰিছে।
Begin typing your search above and press return to search.