Begin typing your search above and press return to search.

টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সন্দৰ্ভত এক বিশেষ পদক্ষেপ

টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সন্দৰ্ভত এক বিশেষ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 8:49 AM GMT

অসমৰ চাহ উদ্যোগৰ লগত যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰ সম্পৰ্কৰ সম্বন্ধিত বিষয়ক লৈ অধ্যয়ন কৰাৰ কাৰণে গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ব বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন বৈঠক অনুষ্ঠিত হয় ৷ অসম চৰকাৰৰ দ্বাৰা গঠিত বিশেষজ্ঞ সমিতিৰ প্ৰথম বৈঠকখনত ভাইছ চেয়াৰমেন ষ্টেট ইনোভেশ্যন এণ্ড টান্সফ’ৰমেশ্যন আয়োগৰ বিষয়া দীপক কুমাৰ বৰঠাকুৰে গৱেষণা কৰা এই বৈঠকখন অনুষ্ঠিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকাৰ তত্বাৱধানত ৷

ইফালে,এই বৈঠকখনত চাহ উদ্যেগ আৰু টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ আহিবলগীয়া বহু প্ৰত্যাহ্বানৰ সম্পৰ্কে আলোচনা কৰে ৷ বৈঠকখনত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ লগতে এই ক্ষেত্ৰত ল’ব লগা বিভিন্ন পদক্ষেপৰ সন্দৰ্ভত আলোচনা হয় ৷ ইয়াৰোপৰি বৈঠকখনত নিৰ্ধাৰিত বিষয়বস্তুক পুংখানুপুংখভাৱে বুজিবলৈ বিভিন্ন দৃষ্টিকোণ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। প্ৰাসংগিক সকলো আলোচনা হোৱাৰ পিছত টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ সন্দৰ্ভত আলোচনা কৰে বৈঠকখনত ৷

লগতে বেংগল,ত্ৰিপুৰা আৰু ক’লকাতাৰ চাহ উদ্যোগৰ বিষয়া সকলৰ লগত মিলিত হোৱাৰ কথাও উল্লেখ কৰে ৷ ইফালে,বৈঠকখনত এইটোও সিদ্ধান্ত হয় যে এচআইটিএ অসমৰ মাধ্যমেৰে অসম চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ আগেয়ে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়,ভাৰত চৰকাৰৰ সচিব আৰু নীতি আয়োগৰ উপাধ্যক্ষৰ সৈতে মিলিত হৈ সকলো তথ্যৰ সম্পৰ্কে অৱগত কৰাব৷ এক সংবাদ বিবৃত্তি অনুযায়ী এই বৈঠকখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড° কে এম বুজৰবৰুৱা, কৈলাশ কাৰ্তিক,উমানন্দ দলে,কে কে নাথ উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি