ট্ৰেভেলাৰ - অাই ২০ ৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত কেইবাজনো যাত্ৰী

ট্ৰেভেলাৰ - অাই ২০ ৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত কেইবাজনো যাত্ৰী
Published on

নগাঁও জিলাৰ বিৰহ বেবেজীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । জানিব পৰামতে, নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰ অাৰু গুৱাহাটীৰ পৰা নগাঁও অভিমুখী অাই ২০ গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত অাই ২০ গাড়ী খন পথৰ পৰা দ খাৱৈত বাগৰি পৰে ।

ঘটনাটোৰ ফলত ট্ৰেভেলাৰখনৰ বহুকেইজনৰ যাত্ৰীৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰৰ চালকজন পলায়ন কৰে বুলি জানিব পৰা গৈছে । অাহত সকলক ততাতয়াকৈ নিকটবৰ্তী চিকিৎসালয়লত ভৰ্তি কৰা হৈছে ।

ট্ৰেভেলাৰত অহা যাত্ৰীৰ পৰা জানিব পৰা মতে ট্ৰেভেলাৰৰ চালকজনে অত্যধিক বেগত অাহি অাই ২০ ত প্ৰচণ্ড খুন্ডা মাৰে অাৰু থিতাতে অাই ২০ গাড়ীখন পথৰ পৰা আতৰি খাৱৈত বাগৰি পৰে।

উল্লেখ্য যে, যান বাহন আইন উলংঘা কৰি নীতি নিয়ম অাংগুষ্ঠ প্ৰদৰ্শন একাংশ গাড়ীচালকে মইমতালিৰে উদণ্ডভাৱে গাড়ী চলোৱাৰ বাবেই এনে ঘটনা প্ৰায় সংঘটিত হৈ অাহিছে। ঘটনাস্থলীত বেবেজীয়া অাৰক্ষী উপস্থিত হৈ এচ ০২ ই ৭৩৩৬ নম্বৰৰ ট্ৰেভেলাৰ খন এ এচ ০১ বি পি ৭৮৭৭ অাই ২০ খন জব্দ কৰিবলৈ সক্ষম হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com