সোমবাৰে গড়চুক আৰক্ষীয়ে আব্দুল আলী(২১) আৰু নজৰুল আলী(৩১)নামৰ দুজন ব্যাক্তিক বস্তু কঢ়িওৱা বাহন এখনৰ ড্ৰাইভাৰক জোৰজৱৰদস্তি কৰি বাহনখন ডকাইটি কৰিবলৈ চেষ্টা কৰাৰ সময়তে আটক কৰে। পুলিচৰ সুত্ৰই জনোৱামতে গতি লিমিটেড নামৰ কোম্পানীটোৰ মাল-বস্তু কঢ়িওৱা বাহনখন যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। বেলতলা পাৰ হোৱাৰ পিছতে বাহনখনক এখন বাইক আৰু এখন এল্টো বাহনে অনুসৰণ কৰিবলৈ লয় আৰু গঢ়চুকৰ ওচৰত অনুসৰণ কৰি অহা পাচ জনীয়া ডকাইতৰ দলটোৱে বাহনখনক আগভেটি ধৰি ড্ৰাইভাৰজনক বাহিৰলৈ উলিয়াই লৈ আহে।
সৌভাগ্যক্ৰমে টহলদাৰী গঢ়চুক আৰক্ষীৰ এটা দল সেই সময়ত ঘটনাস্থলীত উপস্থিত হোৱাত আব্দুল আলী(২১) আৰু নজৰুল আলী(৩১)ক ঠাইতে আটক কৰিবলৈ সক্ষম হয়। বাকী তিনিজন অপৰাধী পলায় যাই। আটকাধীন অপৰাধী দুজনক পাচদিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু
(No.৬৬৫/১৮ u/s৩৯৪)ত এটা গোচৰ ৰুজু কৰা হৈছে।