Begin typing your search above and press return to search.

ডাক বিভাগৰ অচলাৱস্থাই জোলোকা জোলোকে পানী খুৱাইছে গ্ৰাহকক

ডাক বিভাগৰ অচলাৱস্থাই জোলোকা জোলোকে পানী খুৱাইছে গ্ৰাহকক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 11:11 AM GMT

ৰাজ্যৰ ডাক সেৱাটো হৈছে আটাইতকৈ পুৰণি আৰু বিশ্বাসী এটা বিভাগ৷ কিন্তু সম্প্ৰতি ডাক সেৱা বিভাগটোৰ অচলাৱস্থাই গ্ৰাহকসকলক হাৰাশাস্তিৰ সন্মুখীন হোৱা দেখা গৈছে ৷ গুৱাহাটীৰ বেলতলাস্থিত ডাক বিভাগটোৰ কাণ্ড কাৰাখানাই সম্প্ৰতি প্ৰশ্ন সন্মুখীন কৰাইছে সমগ্ৰ বিভাগটোক ৷ বিভাগটোৰ এজন গ্ৰাহকে ডাক সেৱাৰ বিষয়ে মন্তব্য কৰে যে, মই বিগত দুবছৰে এই বিভাগটোলৈ অহা যোৱা কৰি আছে ৷ লগতে বিভাগটোৰ যিকোনো কামত লেহেমীয়া গতিৰ বাবে অতীষ্ঠ হৈ পৰাৰ কথাও উল্লেখ কৰে ৷ ডাকঘৰত কিবা কাম থাকিলে সেয়া সম্পূৰ্ণ হোৱালৈ প্ৰায় ৫ ঘন্টা সময় ৰ’ব লগা হোৱাৰ কথা প্ৰকাশ কৰে গ্ৰাহকজনে ৷

অন্য এজন গ্ৰাহক তথা বেলতলা শাখাৰ ডাক বিভাগৰ একাউন্ট হোল্ডাৰ কান্তেশ্বৰ কলিতাই কয় যে বেলতলা শাখাৰ ডাক বিভাগৰ প্ৰত্যেকজন কৰ্মচাৰীৰ ব্যৱহাৰ অত্যন্ত নিকৃষ্ট ৷ডাক বিভাগটোৰ কৰ্মচাৰীসকলৰ মইমতালিত প্ৰত্যেকজন গ্ৰাহকে অতীষ্ঠ হ’ব লগা হৈছে ৷অন্যহাতে বেলাতলা শাখাৰ ডাক বিভাগৰ ডাকোৱাল জনৰ প্ৰতিও উঠিছে তীব্ৰ অভিযোগ। লগতে, ডাক বিভাগটোৰ কৰ্মচাৰীসকলে কোনো জৰুৰী নথি পত্ৰৰ কাম সময়মতে নকৰাৰ অভিযোগো উত্থাপন কৰিছে গ্ৰাহকসকলে ৷উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰায় সংখ্যক লোক ডাক সেৱাৰ লগত আৱেগিকভাৱে জড়িত ৷ সাম্প্ৰতিক সময়ত নেট বেংকিঙৰ সুবিধাই গ্ৰাহকসকলক হাতৰ মুঠিতে ধনৰ লেন দেনৰ সুবিধা দিলেও ডাক বিভাগক গ্ৰাহকে কেতিয়াও পাহৰিব নোৱাৰে ৷ তেনে স্থলত ডাক বিভাগৰ এনে কাৰ্যই গ্ৰাহকসকলক চিন্তিত কৰি তুলিছে ৷ মাহৰ অন্তত চৰকাৰী ধন খাই থকা এই সকল ডাক বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে অনতিপলমে তদন্ত বিচাৰিছে ডাক বিভাগটোৰ গ্ৰাহকসকলে ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি