ডিগবৈত জিতেন দত্ত অাৰু মৃণাল হাজৰিকাৰ মুক্তিৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ডিগবৈত জিতেন দত্ত অাৰু মৃণাল হাজৰিকাৰ মুক্তিৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
Published on

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত যি প্ৰৰোচনামুলক মন্তব্য দিয়াৰ অভিযোগ কৰি জিতেন দত্ত অাৰু মৃণাল হাজৰিকাক গেপ্তাৰ কৰা কাৰ্যক গৰিহনা দি অাজি ডিগবৈৰ বিভিন্ন দল সংগঠনে । কালি সন্ধিয়া ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অনতিবিলম্বে বিনা চৰ্তে তেওঁলোকৰ মুক্তিৰ দাবী উৎথাপন কৰি উচতনি মুলক মন্তব্য দিয়াৰ লগতে শিলাদিত্য দেৱ আৰু সুকুমাৰ বিশ্বাসক কিয় চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে । চৰকাৰৰ এই দুমুখীয়া নীতিক সকলোৱে একমুখে ধিক্কাৰ দি সৰ্বানন্দ সোনাৱাল মুৰ্দাবাদ, জাতীয় নায়কৰ কাম নাই, জাতীয় নায়ক মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ অাদি কৰি বিভিন্ন শ্লোগান ধ্বনীয়ে ৰাজপথ উত্তাল কৰি অাকাশ বতাহ কপাইতোলে বিভিন্ন দল সংগঠনে । আনপিনে অহা কালিলৈ যি ২৪ ঘণ্টাৰ যি অসম বন্ধৰ আহ্বান কৰিছিলে বেংগলী ফেডাৰেচনে তাৰ বিৰুধিতা কৰিছে বিভিন্ন দ'ল সংগঠনে।অাৰু সকলো ৰাইজক অসমৰ লগতে ডিগবৈৰ সকলো শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ খোলা ৰখাৰ বাবে অনুৰোধ জনাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com