ডিগবৈত পুনৰ কামনাৰ বলি এগৰাকী কিশোৰী

ডিগবৈত পুনৰ কামনাৰ বলি এগৰাকী কিশোৰী
Published on

ডিগবৈত পুনৰ সংঘটিত হল এক জঘন্য ঘটনা, ঘৰত কোনো নথকাৰ সুযোগতে এজন ব্যক্তিৰ কামনাৰ বলি হল ১১ বছৰীয়া এগৰাকী কিশোৰী । ডিগবৈৰ গুপ্ত কুটিৰৰ নিবাসী জয়ন্ত চৌধুৰী (৪৭) নামৰ এই পাখণ্ডটোৰ কামনাৰ বলি হল ফুলকমলীয়া এগৰাকী কিশোৰী ।

যোৱাকালি আবেলি কিশোৰী গৰাকীক অকলশৰে ঘৰত থৈ মাক, দেউতাক গৈছিল চিকিৎসালয়লৈ সেই সুযোগতে লম্পটটোৱে সেই সৰ্বনাশীয় কাণ্ডটো সংঘটিত কৰে ।

কিশোৰী জনীয়ে কন্দাকটা কৰা শুনি কিশোৰী এগৰাকীক শোধপোচ কৰাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা । সেইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰী গৰাকীক সোধাত কিশোৰী গৰাকীক লগত বেয়া কাম হৈছে বুলি কিশোৰী গৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে।

আনপিনে জয়ন্ত চৌধুৰী নামৰ এই পাখণ্ডটোক স্থানীয়লোকে উত্তম মাধ্যম শোধাই ডিগবৈ আৰক্ষীক ঘটাই দিয়ে । বৰ্তমান জয়ন্ত চৌধুৰীক আৰক্ষীয়ে নিজৰ জিম্মাতলৈ তদন্ত অব্যাহত ৰাখিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com