Begin typing your search above and press return to search.

ডিগবৈত বিধ্বংসী অগ্নিকাণ্ড: লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ

ডিগবৈত বিধ্বংসী অগ্নিকাণ্ড: লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 April 2019 11:14 AM GMT

ডিগবৈৰ ঠাকুৰবাৰী মন্দিৰৰ ১ নং বৰবিলত সোমবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডটো।

সূত্ৰয়ে জনোৱা মতে এই বিধ্বংসী অগ্নিকাণ্ডত বহুতো দোকানৰ লগতে , দুখন গাড়ী আৰু এখন মটৰ চাইকেল ভষ্মিভূত হয়।

শ্বাৰ্টচিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।

পিছত ভাৰতৰ আই অ চি এলৰ দুখন অগ্নি নিৰ্বাপক গাড়ীৰে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । ক্ষয় ক্ষতিৰ পৰিমাণৰ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বহু লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে । অনুসন্ধান অব্যাহত ৰাখিছে ।

digboi

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি