তিনিচুকীয়া জিলাৰ ডিগবৈত গোপন সুত্ৰৰ পম খেদি ভাৰতীয় সেনা আৰু অসম পুলিচৰ যুটীয়া অভিযানত ডিগবৈ থানাৰ অন্তৰ্গত লক্ষীপথাৰ আমগুৰীৰ অঞ্চলৰ বনাঞ্চলৰ পৰা আলফা স্বাধীনৰ সদস্যই পুতি থোৱা বৃহৎ পৰিমানৰ অস্ত-সস্ত উদ্ধাৰ কৰে। ৫ টা পিস্তল,২ টা গ্ৰেনেট,কৰবাইট,বহুসংখ্যক সজীৱ গুলি,এক লাখ ৪৯ হাজাৰ পুৰনা টকা উদ্ধাৰ কৰে।স্বাধীনতা দিৱসৰ পূৰ্বে ইমান সমূহ অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ কৰাতো সেনা আৰু অসম আৰক্ষীৰ বাবে বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে।আৰু সফলতাৰ লাভৰ বাবে ইতিমধ্যে ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়া যুটীয়াভাবে অভিযান আৰম্ভ কৰিছে।
Begin typing your search above and press return to search.