ডিগবৈৰ পূজা বিসৰ্জনস্থলীত অঘটন, এজনৰ সলিল সমাধি

ডিগবৈৰ পূজা বিসৰ্জনস্থলীত অঘটন, এজনৰ সলিল সমাধি
Published on

তৈলনগৰী ডিগবৈত বিগত বছৰৰ দৰে পাৰম্পৰিক ৰীতি নীতিৰে প্ৰতিমা বসৰ্জন চলি থকাৰ মাজতে ডিগবৈৰ ভাচাণ পুখুৰীত তিনি যুৱক ডুব যায় । দুই যুৱক প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও আন এজনক মৃত অৱস্থাতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাটোৰ বাবে ডিগবৈবাসীয়ে ডিগবৈ শোধনাগাৰ কৰ্তৃপক্ষক দোষাৰোপ কৰি বিসৰ্জনস্থলীৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে । ভাচাণ পুখুৰীত উদ্ধাৰকাৰী দল হিচাপে যি ডিগবৈ শোধনাগাৰৰ অগ্নি নিৰ্বাপকৰ লোক আহিছিল যদিও ৰাইজে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰি গুৰুলা গুৰুলকৈ মাৰ ধৰ কৰে। ঘটনা স্থলীত জিলা আৰক্ষী বিষয়া, মহকুমা আৰক্ষী উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰে । আনহাতে যুৱক জনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰাৰ লগতে প্ৰতিমা বিসৰ্জন কাৰ্যসূচী আধাতে বন্ধ হৈ পৰে। পিছত জিলা আৰক্ষীৰ নির্দেশত ডিগবৈ চেনেতাৰী পার্কৰ পুখুৰীত বিসৰ্জন কাৰ্যসূচী সম্পন্ন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com