আজি পুৱা ডিগবৈ চাৰিআলিৰ সমিপত যাত্ৰীবাহী ৰেলীৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয় ।
মৃত মহিলা গৰাকী মিথুন বৰুৱাৰ পত্নী অনুপমা বৰুৱা বুলি চিনাক্ত কৰা হৈছে । ডিগবৈ কালিবাৰি অঞ্চলৰ হাউচিং অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
প্ৰতক্ষ্যদৰ্শীয়ে প্ৰকাশ কৰা মতে, মহিলা গৰাকীয়ে পুত্ৰক বিদ্যালয়ত থৈ উভতি অহাৰ পথতে মৃত্যু হয় ।
ঘটনাক কেন্দ্ৰক স্থানীয় লোকে ডিগবৈ ষ্টেচন মাষ্টৰৰ লগত বাক বিতন্দাত লিপ্ত হোৱাৰ লগতে অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি হৈছে ।
ঘটনাৰ সংক্ৰান্তত ডিগবৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
বৰ্তমান মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে ।
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি