Begin typing your search above and press return to search.

ডিচেম্বৰত মুখ্যমন্ত্ৰী হব ড° হিমন্ত বিশ্ব শৰ্মা: প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ

ডিচেম্বৰত মুখ্যমন্ত্ৰী হব ড° হিমন্ত বিশ্ব শৰ্মা: প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2018 4:52 AM GMT

হিমন্ত বিশ্বই মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে কংগ্ৰেছ এৰি বিজেপিলৈ জপিয়াছিল আৰু এতিয়া যাৱতীয় কুচকাৱাজো আৰম্ভ কৰিছে চতুৰ ড° হিমন্ত বিশ্ব শৰ্মাই। সেয়ে তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে গৃহযুদ্ধ আৰম্ভ কৰি দিছে। ৰাজ্যত আইন শৃংখলাৰ ব্যৰ্থতা, নিৱনুৱা সমস্যা বাঢ়িছে এইবোৰ উদঙাই নিজৰ চৰকাৰখনৰে ব্যৰ্থতা উদঙাই তেওঁ গৃহকন্দল আৰম্ভ কৰিছে। এই দাবী প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

সোমবাৰে দিছপুৰত সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্বৰ ওপৰত সৰব হৈ পৰে।

“হিমন্ত বিশ্ব মুখ্য মন্ত্ৰী হ’বলৈকে বিজেপিলৈ গৈছে। গতিকে তেওঁ ধৈৰ্য্য কেনেকৈ ধৰি থাকিব?” আমাৰ দিনতে হিমন্ত বিশ্বক মুখ্য মন্ত্ৰী পতাৰ কথা ভাবিছিলোঁ, কিন্তু অধৈয্য হৈ আমাৰ ঘি মাখন খাই শকত হৈ আমাকে আক্ৰমণ কৰিলে" এইদৰে তীব্ৰ বাক্য বানেৰে আক্ৰমণ কৰে গগৈয়ে

হিমন্তৰ মুখ্য মন্ত্ৰিত্বৰ লালসাৰ কথা কৈ কয়, “হিমন্ত বিশ্বকনো আৰু কি লাগে? তেওঁক মুখ্য মন্ত্ৰী হ’বহে লাগে! কংগ্ৰেছে, বিজেপি বা অগপ যিয়েই নহওক। তেওঁক কেৱল মুখ্য মন্ত্ৰী হ’বলৈ লাগে।”

গগৈয়ে কয় যে শেহতীয়াভাৱে বহুকেইগৰাকী যুৱক-যুৱতীয়ে আলফা (স্বাঃ)ত যোগদান কৰা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্তব্যত চৰকাৰখনৰ ব্যৰ্থতা দাঙি ধৰাৰ লগতে নিবনুৱাক সংস্থাপন দিব নোৱৰা বাবে, দৰিদ্ৰতাৰ কাৰণে আজি আলফালৈ যুৱক-যুৱতীয়ে ঢাপলি মেলিছে। ইয়াৰ দ্বাৰা তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বিসম্বাদৰ চতুৰ অস্ত্ৰ প্ৰয়োগ কৰিলে। এই কথাৰ দ্বাৰা তেওঁ পৰোক্ষভাৱে ৰাইজক বুজাব বিছাৰিছে যে মুখ্য মন্ত্ৰী সোণোৱালে চৰকাৰখনৰ নেতৃত্ব দিয়াত সকলো ফালৰ পৰা ব্যৰ্থ হৈছে।”

হিমন্ত‌ই মুখ্য মন্ত্ৰী হ'ব বিচাৰিয়েই ভেকুলীৰ দৰে জপিয়াই আছে কিন্তু ৰাইজে নাপাতে ভগৱানেও নাপাতে এতিয়া হিমন্তক মুখ্যমন্ত্ৰী, মোক আক্ৰমণ কৰি কি হ'ব, মইতো পাতিব বিচাৰিছিলো, ধৈৰ্য ধৰিব নোৱাৰৰ বাবেহে এতিয়াও হ'ব পৰা নাই" এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই।

এডভাণ্টেইজ আছামৰ কথা কোৱা, বিকাশৰ কথা কোৱা, কেন্দ্ৰৰ পৰা অসমে অধিক পুঁজি পাই থকা আদি কথা কৈ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া চৰকাৰৰ ব্যৰ্থতাৰ কথা ক’বলৈ আৰম্ভ কৰা মানেই তেওঁ এজন ব্যৰ্থ মন্ত্ৰী হিচাপে পৰিগণিত হৈছে, কেবিনেটত বহি থকা মন্ত্ৰী এজনে নিজৰ চৰকাৰৰ ব্যৰ্থতা গাই ফুৰাতকে পাৰিলে হিমন্ত বিশ্ব‌ই পদত্যাগে গ্ৰহণ কৰিব লাগে বুলিও তৰুণ গগৈয়ে কয়।

ইয়াৰ উপৰি গগৈয়ে বিজেপি চৰকাৰৰ আশ্বাস বোৰ ৰাইজে নসাৎ কৰাৰ লগতে ফুটুকাৰ ফেনত পৰ্যবসিত হৈছে। ইয়াৰ ফল বিজেপিয়ে দুবছৰ পিছত পাব বুলি সদৰি কৰে গগৈয়ে।

আনহাতে গাত সচাকৈ অসমীয়াৰ তেজ আছে, আঞ্চলিকতাবাদৰ তেজ আছে তেন্তে অগপ ই মিত্ৰতা ভংগ কৰক বিজেপিৰ সৈতে। এই কথা সদৰি কৰি গগৈয়ে অগপৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু বুলি ব্যক্তিগত মতামত প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি