Begin typing your search above and press return to search.

ডিজিটেল হব অসম বিধানসভা

ডিজিটেল হব অসম বিধানসভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2018 9:00 AM GMT

শীঘ্ৰে পেপাৰ মুক্ত হব অসম বিধানসভা। ৰাষ্ট্ৰীয় ই-বিধান এপ্লিকেচনৰ অংশস্বৰূপে অতি শীঘ্ৰে পেপাৰ মুক্ত হৈ ডিজিটেল হব অসম বিধানসভা। অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰকাশ কৰা অনুসৰি অসম বিধান সভাত ই-বিধান আচনিৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে আৰু ২০২১ চনৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিব। ই-বিধান কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এক অভিযান। এই অভিযানৰ মাধ্যমেৰে ৰাজ্য সমূহৰ বিধান মণ্ডলৰ সকলো কাম-কাজ পেপাৰ মুক্ত কৰি সম্পূৰ্ণ ডিজিটেল কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ এক অংশ হল ই-বিধান অভিযান।

হিতেন্দ্ৰ নাথ গোস্বামীয়ে সাংবাদিকক কয় যে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা মুকলি কৰা ই-বিধান অভিযানৰ মাধ্যমেৰে সকলো ৰাজ্যৰ বিধান সভা সমূহ পেপাৰ মুক্ত কৰা হব আৰু বিধান সভাৰ সকলো কাম-কাজ তৰ্ক, প্ৰশ্নোত্তৰ, নিয়মাবলী, বিভিন্ন ধৰণৰ বিল আদি সকলো ডিজিটেল হব। এই প্ৰক্ৰিয়াৰ দ্বাৰা জনসাধাৰণে অতি সহজে বিধান সভাৰ সকলো তথ্য লাভ কৰিব পাৰিব। সাধাৰণতে বিধান সভাৰ কাম-কাজ জনসাধাৰণৰ বাবে সহজে উপলব্ধ নহয় কিন্তু ই-বিধানৰ যোগেৰে জনসাধাৰণৰ বাবে সহজে বিধান সভাৰ সকলো তথ্য উপলব্ধ হোৱাটো গণতন্ত্ৰৰ এক ডাঙৰ প্ৰাপ্তি-এই দৰে মন্তব্য কৰে বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে।

গোস্বামীয়ে আকৌ কয় যে বৰ্তমানে পঞ্জাব, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু ছিকিম বিধান সভাত ই-বিধান অভিযান পৰীক্ষামূলক ভাবে মুকলি কৰা হৈছে আৰু অসমৰ বিধানসভাটো ২০২১ চনৰ আগতে ইয়াক কাৰ্য্যকৰী কৰা হব। ডিজিটেল অভিযানৰ অংশ স্বৰূপে সোমবাৰে এক কৰ্মশালৰ আয়োজন কৰা হয় আৰু এই সম্পূৰ্ণ অভিযানৰ বাবে এটা কাৰিকৰী ভাবে দক্ষ দলৰ প্ৰয়োজন হব। ভাৰত চৰকাৰে ইতিমধ্যে ৭৪৪ কৌটি টকা ৪০ খন বিধানসভাৰ বাবে মুকলি কৰি দিছে। পুৰণি তথ্য সমূহৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে সকলো ধৰণৰ পুৰণি তথ্য সংৰক্ষণ কৰা হব। হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিধান সভাৰ সকলো বিষয়া কৰ্মচাৰীকে ই-বিধানৰ সঠিক প্ৰয়োগ কৰাৰ বাবে আহ্বান জনাইছে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ আদিত্য ত্যাগীয়ে কয় যে প্ৰতিবছৰে দুই লাখতকৈও অধিক প্ৰশ্ন লোকসভা, ৰাজ্য সভা আৰু ৰাজ্যৰ বিধান সভা সমূহত উত্থাপন কৰা হয় আৰু এইবোৰ সংৰক্ষণৰ বাবে যথেষ্ঠ পৰিমাণে কাগজৰ প্ৰয়োজন হয় যাৰ ফলত ই-বিধান অভিযান মুকলি কৰা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story