Begin typing your search above and press return to search.

ডিটেনচন কেম্পৰ দুৰ্দশা সন্দৰ্ভত উদ্বিগ্ন বিশিষ্ট মানবঅধিকাৰ কৰ্মী হৰ্ষ মন্দাৰ

ডিটেনচন কেম্পৰ দুৰ্দশা সন্দৰ্ভত উদ্বিগ্ন বিশিষ্ট মানবঅধিকাৰ কৰ্মী হৰ্ষ মন্দাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2018 10:53 AM GMT

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়নৰ নামত, ডিটেনশ্যন কেম্পত আৰু ডি ভোটাৰৰ নামত ৰাজ্যৰ ভাষিক সংখ্যালঘু জনসাধাৰণক ব্যাপক হাৰত হাৰাসাস্তি কৰা হৈছে। ৰাজ্যত অৱস্থিত ছয়টা ডিটেনচন কেম্পত এক হাজাৰতকৈও অধিক সংখালঘু লোকক বিচাৰ নকৰাকৈ আটক কৰি ৰখা হৈছে। ডিটেনচন কেম্পত এই লোক সকলে অতি দুৰ্দশাৰ জীৱন কটাই আছে আৰু এই সকল লোকক ষড়যন্ত্ৰ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত ৰাষ্ট্ৰহীন কৰাৰ বাবে কৌশল কৰা হৈছে-এই মন্তব্য বিশিষ্ট মানৱঅধিকাৰ কৰ্মী হৰ্ষ মন্দাৰ

ৰাষ্ট্ৰ সংঘৰ 'স্পেচিয়েল ৰেপোৰ্টিয়াৰ অন ফ্ৰীডম ৰিলিজিয়ন মাইনৰিটি এণ্ড কনটেম্পোৰাৰী ফৰ্মছ অফ ৰেচিজিম' ৰ পৰা ভাৰত চৰকাৰলৈ এন আৰ চি সন্দৰ্ভত সংঘটিত কাম কাজত গভীৰ উদ্বেগ প্ৰকাশ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। স্মাৰক পত্ৰত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কতৃপক্ষই এন আৰ চিৰ কাম-কাজ সঠিত ভাবে ৰূপায়ন হোৱাটো বিচৰা নাই বুলি উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰ সংঘৰ সমিতি খনে এন আৰ চিৰ দাবী আৰু আপত্তিৰ সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা সিদ্ধান্তকো সমৰ্থন কৰা নাই। ১৩ ডিচেম্বৰত প্ৰকাশ পোৱা স্মাৰক পত্ৰৰ পিছত আজি দেশৰ বিখ্যাত মানৱঅধিকাৰ কৰ্মী হৰ্ষ মন্দাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বৃহস্পতি বিখ্যাত মানৱঅধিকাৰ কৰ্মী গৰাকীয়ে ধলাৰ ১ নৱেম্বৰত আটতায়ীৰ গুলীত প্ৰাণ হেৰুৱা পাচ জন নিৰীহ বঙালি লোকৰ পৰিয়ালক সাক্ষাৎ কৰে আৰু ঘটনা সন্দৰ্ভত আলোচনা কৰি গুৱাহাটীলৈ উভতি আহে। বিশিষ্ট মানৱঅধিকাৰ কৰ্মী জনৰ লগত উপস্থিত আছিল বিশিষ্ট সাংবাদিক জন দয়াল আৰু গবেষক আব্দুল কালাম আজাদ। আজাদে আজি ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকাত হৰ্ষ মন্দাৰ অসন্তুষ্ট হোৱা বুলি মন্তব্য কৰে।দুপৰীয়া তিনিচুকীয়া আৰক্ষীৰ উপ আৰক্ষী প্ৰধানৰ সৈতেও এক বৈঠকত বহে বিশিষ্ট মানৱ অধিকাৰ কৰ্মী গৰাকীয়ে আৰু ঘটনাৰ ইমানদিন পিছতো আজি পৰ্যন্ত দোষীক কৰায়ত্ত কৰিব নোৱাৰা কাৰ্য্যক সমালোচনা কৰে। ৩১ নৱেম্বৰত সংঘটিত সেই নাৰকীয় ঘটনাৰ পিছত অঞ্চলটোৰ পৰিয়াল সমূহে এতিয়াও নিৰাপত্তাহীনতাত ভূগি আছে বুলি উল্লেখ কৰে। আৰ্থিক ভাবে দুৰ্বল পৰিয়াল কেইটাক এককালীন সাহায্য প্ৰদানৰ ফলত পৰিয়াল কেইটাৰ ভবিষ্যত সুৰক্ষিত নহয় বুলি হৰ্ষ মন্দাৰে উনুকীয়াই।

হৰ্ষ মন্দাৰে ইয়াৰ আগেয়ে অসমৰ ডিটেনচন কেম্প সমূহ পৰিদৰ্শন কৰি তাত থকা লোক সকলৰ দুৰ্ভোগৰ বিষয়ে খা-খবৰ গ্ৰহণ কৰে। দেশৰ বিশিষ্ট মানৱঅধিকাৰ কৰ্মী গৰাকীয়ে অসমৰ ডিটেনচন কেম্প সমূহত মানুহৰ দুৰ্দশাৰ কথা প্ৰকাশ কৰি ইয়াৰ প্ৰতিবাদত দেশৰ মানৱঅধিকাৰ সংস্থাৰ পৰা পদত্যাগ কৰে। হৰ্ষ মন্দাৰে এই বৈষম্য সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা জানিবলৈ দিয়ে। অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ণ সন্দৰ্ভত বিভিন্ন দল-সংগঠন সমূহে নিজৰ নিজৰ বিচাৰধাৰা প্ৰকাশ কৰি আহিছে। সংখ্যালঘু সমৰ্থিত বহু দল সংগঠনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাৰ্য্যক সমৰ্থন কৰা নাই আনহাতে কিছুমান দল-সংগঠনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালৰ ৰায় দানক সমৰ্থন কৰি সোনকালে এই নাগৰিক পঞ্জীৰ কাম সম্পুৰ্ণ হোৱাটো কামনা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story