Begin typing your search above and press return to search.

ডিটেনচন শিবিৰত থকা বন্দী সকলৰ সবিশেষ তথ্য দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ডিটেনচন শিবিৰত থকা বন্দী সকলৰ সবিশেষ তথ্য দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 April 2019 9:36 AM GMT

মংগলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক ডিটেনচন শিবিৰত দীৰ্ঘ দিন ধৰি বন্দী হৈ থকা লোকসকলক কেতিয়া মুকলি কৰি দিব বুলি প্ৰশ্ন কৰে ।

অসমৰ ডিটেনচন শিবিৰ সমুহত দীৰ্ঘ দিন ধৰি বন্দী হৈ থকা লোক সকলক মুকলি কৰাৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে অসমৰ মুখ্য সচিব আলোক কুমাৰক ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে ডিটেনচন শিবিৰত থকা বন্দী সকলৰ সন্দৰ্ভত সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি ২৩ এপ্ৰিলৰ ভিতৰত ডিটেনচন শিবিৰ সমুহত দীৰ্ঘ দিন ধৰি বন্দী হৈ থকা ৯০০ ৰো অধিক অবৈধ বিদেশীক মুকলি কৰি দিয়াৰ সন্দৰ্ভত কি ব্যবস্থা গ্ৰহণ কৰা হব সেই সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । তিনি জনীয়া বিচাৰ পীঠত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সহ ন্যায়াধীশ দিপক গুপ্তা আৰু সঞ্জীৱ খান্নায়ে এই ৰায় দিয়ে ।

উচ্চতম ন্যায়ালয়ে ২৫ এপ্ৰিলত পৰবৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ।

অসমৰ ডিটেনচন শিবিৰ সমুহৰ অস্বাস্থ্যকৰ পৰিবেশৰ কথা উল্লেখ কৰি হাৰশ্ব মন্দাৰে এক আবেদন কৰিছিল । এই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি