Begin typing your search above and press return to search.

ডিটেনচন শিবিৰৰ প্ৰসংগ: উচ্চতম ন্যায়ালয়ত পুনৰ ভৎসনাৰ সন্মুখীন দিছপুৰ

ডিটেনচন শিবিৰৰ প্ৰসংগ: উচ্চতম ন্যায়ালয়ত পুনৰ ভৎসনাৰ সন্মুখীন দিছপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 April 2019 8:14 AM GMT

বৃহস্পতি বাৰে দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ ডিটেনচন কেম্পৰ গোচৰৰ শুনানিত অসম চৰকাৰক সমালোচনা কৰে ।অসমৰ মুখ্য সচিব আলোক কুমাৰে বৃহস্পতি বাৰে উচ্চতম ন্যায়ালয়ত ৫ বছৰ অতিক্ৰম কৰা বিদেশী সকলক চৰ্তসাপেক্ষে মুকলি কৰি দিয়াৰ প্ৰস্তাৱত তীব্ৰ সমালোচনা কৰে অসম চৰকাৰক আৰু মুখ্য সচিবক।

আশ্ৰয় শিবিৰৰ প্ৰসংগত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দিপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে অসম চৰকাৰক শিবৰত থকা বিদেশী সকলৰ বিতাৰণৰ ক্ষেত্ৰত কি ব্যবস্থা গ্ৰহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ।

মুখ্য সচিব আলোক কুমাৰে প্ৰকাশ কৰে যে অসমৰ আশ্ৰয় শিবিৰ সমুহত বন্দী হৈ থকা বিদেশী সকলৰ বাবে উন্নত ব্যবস্থা গ্ৰহণ কৰা হব ।

লগতে মুখ্য সচিবে আদালতক জনাই যে যিসকল ব্যক্তিক নিজৰ দেশলৈ প্ৰেৰণ কৰা হৈছিল, সেই লোকসকলে অবৈধ ভাৱে অসমতে বসবাস কৰিছে আৰু ভোটৰ তালিকাতো অবৈধ ভাৱে নাম ভৰ্তি কৰাইছে বুলি প্ৰকাশ কৰে।

বিচাৰপীঠে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক কয় যে অতি সোনকালে অবৈধ বিদেশী সকলক বিতাৰণৰ ব্যবস্থা গ্ৰহণ কৰিব লাগে । কিন্তু তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

সমাজকৰ্মী হৰ্ষ মন্দাৰে আশ্ৰয় শিবিৰৰ অনুন্নত ব্যবস্থাৰ ওপৰত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে ।

বৃহস্পতি বাৰৰ শুনানিৰ ওপৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ে কয় যে আছুয়ে সন্মানীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক সন্মান কৰে। উচ্চতম ন্যায়ালয়ৰ অধিনত অসম চুক্তি দফা ৰূপায়ণ কৰা হব বুলি বিশ্বাস কৰে।"

"কেন্দ্ৰ আৰু অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে কাম কৰিব লাগে । অসমক অবৈধ বিদেশীৰ ৰম্য ভূমিলৈ পৰিনত হবলৈ দিব নোৱাৰি বুলি প্ৰকাশ কৰে সমুজ্জ্বল ভট্টাচাৰ্যয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি