ডিব্ৰুগড়ৰ ফুটপাথসমূহৰ ক্ষেত্ৰত প্ৰশাসনৰ এক বিশেষ ব্যৱস্থা

ডিব্ৰুগড়ৰ ফুটপাথসমূহৰ ক্ষেত্ৰত প্ৰশাসনৰ এক বিশেষ ব্যৱস্থা
Published on

জিলা প্ৰশাসনৰ এক বিশেষ সিদ্ধান্ত। পথৰ ফুটপাথসমূহত অবৈধভাৱে দখল কৰি থকা সকলৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা ল’ব প্ৰশাসনে ৷ শনিবাৰে অতিৰিক্ত উপায়ুক্ত ৰঞ্জীত কোঁৱৰে ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থান প্ৰদৰ্শন কৰে।

আনহাতে চহৰখনৰ বিভিন্ন স্থানত অবৈধ দখলৰ পৰা মুক্ত কৰাৰ সম্ভাৱনা আছে ৷ ইফালে চহৰখনৰ আৰকেবি পথ,এইচএচ পথ,এনএইচ ৩৭ৰ বিভিন্ন অংশত বিভিন্ন প্ৰকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান,চাহ দোকান আৰু ইলেক্ট্ৰ’নিক বস্তু বিক্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ আছে ৷ যাৰ কাৰণে ফুটপাথত অহা যোৱা কৰা পথচাৰী সকল অসুবিধাত পৰে ৷

অন্যহাতে,ৰাষ্ট্ৰীয় ঘাই পথ ৩৭ৰ কাষৰ ফুটপাথৰ পথচাৰীসকলৰ সমস্যা আৰু অধিক গম্ভীৰত পৰিণত হৈছে ৷ এই ক্ষেত্ৰত পদ পথৰযাত্ৰীসকলে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com