ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চাৰি ডকাইটক

ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চাৰি ডকাইটক
Published on

তিনিচুকীয়াৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা ৩ লাখ টকা লুট কৰি ডিব্ৰুগড়হৈ পলায়নৰ চেষ্টা কৰা চাৰিটা ডকাইটক তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰক্ষীৰ যুতীয়া অভিযানত জালত পৰে।প্ৰায় ১২.৩০ মান বজাত তিনিচুকীয়াত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ শৰীৰত বান্দৰ কেঁকোৰা ছটিয়াই টকাৰ বেগটো লৈ ডকাইট কেইটা উধাও হয়।ডকাইট কেইটাৰ পৰা আপত্তিজনতক সামগ্ৰী যেন বান্দৰ কেঁকোৰা,জালি পান কাৰ্ট,স্কো ড্ৰাইভাৰ আদি উদ্ধাৰ কৰে।ডকাইটকেইটা অনুৰাগ সিং,ৰিতেশ ৰয়,সুভম দাস,বিশাল দাস বুলি চিনাক্ত কৰাৰ বিপৰীতে এটা পলাবলৈ সক্ষম হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com