ডিমোৰ বিস্ফোৰণ সন্দৰ্ভত আৰক্ষীৰ আটক এজনক: তদন্ত অব্যাহত

ৰাজ্য কপোঁৱা শিৱসাগৰৰ ডিমৌৰ গ্ৰেনেড বিস্ফোৰণত সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে নাগালেণ্ডৰ পৰা আটক কৰা কৰিছে এজনক ৷ আটক কৰা লোকজনৰ নাম গোবিন সিং৷ আৰক্ষীয়ে আটক কৰা গোবিন সিঙৰ বয়স প্ৰায় ৪৮ বছৰ ৷ ইফালে আটক কৰা গোবিন সিং আলফাৰ লিঙ্ক মেন৷ লগতে আৰক্ষীয়ে আটক কৰা আলফাৰ লিংক মেন গোবিন সিঙৰ লগতে ডিমৌৰ বোমা বিস্ফোৰণ কাণ্ডত অন্য বহু লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।
লগতে ঘটনাটোৰ সন্দৰ্ভত পূৰ্বতে আৰক্ষীয়ে আটক দুজন অভিযুক্তই আৰক্ষীৰ সন্মুখত অকনি অসম আৰু ৰূপান্তৰ অসম নামৰ দুজন লোকৰ কথাও উল্লেখ কৰে ৷ উল্লেখযোগ্য যে ৰাজ্য কপোঁৱা ডিমৌ বিস্ফোৰণ সংঘটিত হৈছিল ২২ নৱেম্বৰত ৷ ডিমৌৰ গ্ৰেণেড বিস্ফোৰণত নিহত হৈছিল ব্যৱসায়ী কমল আগৰৱালাৰ লগতে গ্ৰাহক অনুপ গুপ্তা ৷
অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শক্তি মন্ত্ৰী তপন গগৈক ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ কৈছিল ৷ সেই নিৰ্দেশ মৰ্মে শক্তি মন্ত্ৰী তপন গগৈয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত কৰা আশ্বাস দিয়া লগতে নিহতৰ পৰিয়াললৈ ৫ লাখ টকা সাহাৰ্য ঘোষণা কৰিছিল। লগতে আৰক্ষীয়ে ডিমৌৰ গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত পাঁচজন লোকক আটক কৰিছিল ৷
সম্প্ৰতি এই ঘটনাটোৰ লগত আলফাৰ লিঙ্কমেন গোবিন সিঙৰ লগতে মানস সন্দিকৈ,প্ৰভাত খনিকৰ আৰু কিশোৰ পেটেল নামৰ লোক কেইজন জড়িত আছে বুলি ইতিমধ্যে আৰক্ষীৰ তদন্ত প্ৰকাশ পাইছে ৷ মানস,প্ৰভাত,কিশোৰক ডিমৌ আৰক্ষীয়ে আটক কৰে ২৫ নৱেম্বৰত৷আৰক্ষীয়ে আটক কৰা ধৃত অভিযুক্ত কেইজন আছে শিৱসাগৰ জেইলত৷
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি