ডিমৌত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত ৫ জনক আটক

বৃহস্পতিবাৰে ডিমৌত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত নিহত কমল আগৰৱালা,অনুপ গুপ্তাৰ সংক্ৰান্তত সম্প্ৰতি আৰক্ষীয়ে আটক কৰিছে ৫ জন অভিযুক্তক ৷ লগতে শুক্ৰবাৰে শক্তি মন্ত্ৰী তপন গগৈ নিহতৰ পৰিয়ালত উপস্থিত হৈ ৫ লাখ সাহাৰ্য ঘোষণা কৰে । ইফালে ঘটনাটো সংঘটিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তৎকালীনভাৱে শক্তি মন্ত্ৰী তপন গগৈক ঘটনাস্থলীত পৰিদৰ্শন কৰিবলৈ কয় ৷ ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী সোনোৱালৰ নিৰ্দেশ ক্ৰমে শক্তিমন্ত্ৰী তপন গগৈয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি নিহতৰ পৰিয়ালক সমবেদনা জ্ঞাপন দিয়াৰ লগতে নিহতৰ পৰিয়ালক ৫ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰে।
লগতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে ডিমৌৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷ আৰু যিয়ে এনে কাণ্ড সংঘটিত কৰিছে,তেওঁলোকক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ কথাও উল্লেখ কৰে ৷ অন্যহাতে, মাৰোৱাৰী সমাজেও উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে শক্তিমন্ত্ৰী তপন গগৈৰ সন্মুখত চৰকাৰখনৰ সন্দৰ্ভত মন্তব্য কৰে ৷ মাৰোৱাৰী সমাজে ডিমৌত সংঘটিত হোৱা ঘটনাটোৰ সম্পৰ্কত কয় যে আমাৰ চলিত চৰকাৰখনৰ প্ৰতি বহুত আশাৰ লগতে বিশ্বাস আছে ৷ কিন্ত সম্প্ৰতি চৰকাৰখনে আমাৰ আশা, বিশ্বাস সকলো হেৰুৱাই পেলাইছে ৷
লগতে ৰাজ্য চৰকাৰে ব্যৱসায়িক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলি চৰকাৰক দোষাৰূপ কৰিলে মাৰোৱাৰী সমাজে। ইফালে ডিমৌৰ গ্ৰেনেড বিস্ফোৰণত নিহত হোৱা কমল আগৰৱালা আৰু অনুপ গুপ্তাৰ ঘৰত মন্ত্ৰী তপন গগৈ উপস্থিত হোৱাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ কমল আগৰৱালাৰ মাতৃ সীতা আগৰৱালাই শক্তিমন্ত্ৰী তপন গগৈৰ সন্মুখত শোকাভিভূত হৈ মোৰ পুত্ৰক কিয় হত্যা কৰা হ’ল বুলি প্ৰশ্ন কৰে ৷ লগতে আলফাৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হ’ব বুলি শোকত ভাগি পৰে কমল আগৰৱালাৰ মাতৃ সীতা আগৰৱালা ৷
উল্লেখ্য যে,বৃহস্পতি বিয়লি প্ৰায় ৫.৩০ বজাত ডিমৌ চাৰি আলিৰ কমল আগৰৱালা নামৰ লোকজনৰ চাইকেলৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এক গ্ৰেণেড বিস্ফোৰণ৷ বিস্ফোৰণটোত গ্ৰাহক অনুপ গুপ্তাৰ ঘটনাস্থলীতে নিহত হয় । আৰু আহত হয় কমল আগৰৱালা আৰু এগৰাকী মহিলা ৷ ইফালে, ডিব্ৰুগড়ৰ এখন স্থানীয় চিকিৎসালয়ত কমল আগৰৱালাক ভৰ্তি কৰোৱা হয় যদিও,চিকিৎসালয়তে মৃত্যু হয় কমল আগৰৱালাৰ ৷ ইয়াৰ পিছতেই সংঘটিত হোৱা বিস্ফোৰণটোৰ ক্ষেত্ৰত আৰক্ষীয়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ৷ উল্লেখ্য যে,পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সংঘটিত হোৱা এই ঘটনাই সম্প্ৰতি যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত ৷
অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি