
ইৰাকৰ নাডিয়া মুৰাড আৰু কংগোৰ ডেনিছ মুকৱেগেলৈ ২০১৮ বৰ্ষৰ সন্মানীয় শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে । ইৰাকী মহিলা মুৰাড নিজেই যুদ্ধৰ সময়ত সেনাৰ হাতত ধৰ্ষিতা হৈছিল ।
মুৰাডে ইৰাকত যুদ্ধত য়াজিদি নাৰীৰ ওপৰত চলোৱা যৌন হিংসাৰ বিৰোধিতা কৰি আহিছিল । ডেনিছ মুকৱেগে হ'ল এজন প্ৰসুতি বিশেষজ্ঞ চিকিৎসক । তেওঁ নিজৰ সহযোগী সকলৰ লগত যুদ্ধত ধৰ্ষিতা হোৱা সহস্ৰাধীক পীড়িত মহিলাক চিকিৎসা কৰিছিল ।
যুদ্ধত নাৰীৰ ওপৰত চলোৱা যৌন হিংসাৰ বিৰোধিতা কৰিছিল দুয়ো।যুদ্ধত যৌন হিংসাৰ অন্ত পেলোৱাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে দুয়োগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে ।