ৰাজ্যিক বাতৰি
ড্ৰাগছ সৰবৰাহকাৰী আৰু গাড়ী চোৰক আটক
যোৱা দেওবাৰে পুৱা ১১.৩০ বজাত কোকৰাঝাৰৰ কাজিগাঁও আৰক্ষী আৰু বিএছএফৰ দল এটাই যুটীয়া অভিযানত পানবাৰী চেক্টৰ হেড কোৱাটাৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা ধুবুৰী জিলাৰ বিদ্যাপাৰাৰ ৱাৰ্ড নং৮ ৰ নিৱাসী আহমেদ খানৰ ধৃত পুত্ৰ আশ্ৰাফ খানক(৩৪) আটক কৰে ।
জানিব পোৱা তথ্যানুসৰি,বন্ধ হোৱা সন্দেহযুক্ত ১,৩৬২ টেবলেট,৭টা পলিথিন বেগ আশ্ৰাফৰ পৰা উদ্ধাৰ কৰে।
আনহাতে,কোকৰাঝাৰ আৰক্ষী থানাত ৪৬২/১৮ ইউ/এচ নম্বৰত ৩৭৯/৪১১ আইপিচি ধাৰাত পঞ্জীয়ন হয় ।যোৱা ৰবিবাৰে নিশা জগেন্দ্ৰ বসুমতাৰী পুত্ৰ সঞ্জয় বসুমতাৰী(৩৪)ৰ পৰা নম্বৰ প্লেট নথকা বলেৰ' মাহিন্দ্ৰা গাড়ী এখন উদ্ধাৰ কৰে।