তাছাই পৰিদৰ্শন কৰে শিৱসাগৰ স্বাস্থ্যকেন্দ্ৰ,অসামৰিক চিকিৎসালয়

যোৱা শনিবাৰে যোৰহাট এলএছ কামাখ্যা প্ৰসাদ তাছাই আমগুৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে।কিছুদিন পূৰ্ৱে আমগুৰি সচেতন নাগৰিক মঞ্চই হাস্পতাল খনৰ ভিন্ন সমস্যা সমূহকলৈ অভিযোগ প্ৰদান কৰিছিল আৰু সমস্যা সমূহক গুৰুত্ব প্ৰদান কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা আৰু স্বাস্থ্যসেৱা বিকাশকলৈ এমপিক অনুৰোধ কৰিছিল।সেই মৰ্মে এমপিয়ে হাস্পতাল পৰিদৰ্শন কৰে আৰু ভিন্ন সমস্যা যেনে,পৰ্য্যাপ্ত পৰিমানৰ ডাক্তৰৰ অভাৱ,কোঠাৰ অভাৱ,বিশেষকৈ জুইয়ে পোৰা ৰোগী আৰু টিবি ৰোগী সকলৰ বাবে কোঠাৰ অভাৱ ইয়াৰ উপৰিও শিশু সকল আৰু মাতৃ তথা মহিলা সকলৰ বাবে বিশেষ কোঠা(ৱাৰ্ড)আদিৰ অভাৱ পৰিলক্ষিত কৰে এমপিয়ে।
তাছাই অতি সোনকালে এই সমস্যাৰ সমূহ সমাধান কৰাৰ কথা আগবঢ়ালে,ইয়াৰ উপৰিও,এমপিয়ে আমগুৰি তুলি ৰ'ডৰ আমগুৰি নগৰ হাস্পাতাল কক্ষ পৰিদৰ্শন কৰে।
ইয়াৰ উপৰি তাছাই জয়সাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে আৰু চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ সৈতে চিকিৎসালয় খনৰ সমস্যাৰ বিষয়ে আলোচনা কৰে।তাছাই যোৱা শনিবাৰে বানমুখ ৰিফাৰেল স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে।শিৱসাগৰ স্বাস্থ্য শিৱিৰ সঞ্চালক ডাক্তৰ আৰ বৰপূজাৰী,এডিচি এছপি দেউৰী আৰু আমগুৰি এছডিঅ' এ চেতিয়াৰ লগত এমপিয়ে স্বাস্থ্য কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে।