তিতাবৰত অগ্নিনিৰ্বাপক বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল

তিতাবৰত অগ্নিনিৰ্বাপক বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল
Published on

যোৰহাটৰ জিলাৰ তিতাবৰৰ বৰহোলাত যোৱা নিশা এক বিধংসী অগ্নিকাণ্ডত ১০ খনকৈ ব্যৱসায়ীক প্ৰতিস্থান ভস্মীভূত হৈছিল।লগালগ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ঘটনাস্থলীৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত থকা অগ্নিনিৰ্বাপক কাৰ্য্যালয়ৰ পৰা অগ্নিনিৰ্বাপক বাহিনী বহু পলমকৈহে উপস্থিত হয় ঘটনাস্থলীত।অগ্নিনিৰ্বাপক বাহিনীৰ এনে কাণ্ডত অতি হতাশ হৈ পৰে ব্যৱসায়ীসকল।অগ্নিনিৰ্বাপক বাহিনীৰ এনে চৰম গাফিলতিৰ বাবে উচিত বিচাৰৰ বাবে ব্যৱসায়ীসকলে বৰহোলা থানাত এজাহাৰ দাখিল কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com