Begin typing your search above and press return to search.

তিতাবৰ পানী যোগান কৰ্মচাৰীৰ প্ৰতিবাদ

তিতাবৰ পানী যোগান কৰ্মচাৰীৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2018 7:36 AM GMT

গোলাঘাট জিলাৰ পানী যোগানৰ গৱেষনাত ঠিকাভিত্তিত নিযুক্তি দিয়া কৰ্মচাৰী সকলে যোৱা ৬মাহ ধৰি দৰমহা নোপোৱাক কেন্দ্ৰ কৰি যোৱা মঙল বাৰে গৱেষনা এলেকাত প্ৰতিবাদ সাব্যস্ত কৰে। গৱেষনাৰ লগত জড়িত থকা কৰ্মচাৰী সকলে যোৱা তিনিদিন ধৰি প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে চৰকাৰে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উত্থাপিত কৰে যাৰ বাবে ১৪টা পৰিয়ালৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। কৰ্মচাৰী সকলৰ মত অনুসৰি,তেওঁলোকক কংগ্ৰেছ চৰকাৰৰ দিনতে ঠিকাভিত্তিত গ্ৰিটাৰ তিতাবৰ পানী যোগান গৱেষনা কামৰ বাবে নিযুক্তি কৰা হৈছিল।

জানিব পোৱা মতে,২০১২ চনত গৱেষনাৰ কাম নিৰীক্ষনৰ বাবে মুঠ ১৪ জন লোকক ঠিকাভিত্তিত নিযুক্তি প্ৰদান কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰৰ শাসন কালত বিজেপি চৰকাৰ খনে অনীহা প্ৰকাশ কৰাৰ লগতে পদক্ষেপ গ্ৰহন কৰাৰ আশা দেখা নাই বুলি কৰ্মচাৰী সকলে অভিযোগ উত্থাপিত কৰে।

Next Story
চাকৰি