তিনিখন ৰাজ্যত কংগ্ৰেছৰ জয়লাভ, মিজোৰামত কংগ্ৰেছক উৎখাত কৰি মিজো নেশ্যনেল ফন্টৰ বিজয় ধ্বজা

তিনিখন ৰাজ্যত কংগ্ৰেছৰ জয়লাভ, মিজোৰামত কংগ্ৰেছক উৎখাত কৰি মিজো নেশ্যনেল ফন্টৰ বিজয় ধ্বজা
Published on

মংগলবাৰে ঘোষণা হ’ল পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ যি সপোন,সেই সপোনক ছাৰ খাৰ কৰি কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিলে তিনিখন ৰাজ্যত৷ মিজোৰামত ঘাইকৈ শাসনাধিষ্ঠিত কংগ্ৰেছ আৰু প্ৰধান বিৰোধী দল এম এন এফ অৰ্থাৎ মিজো নেশ্যনেল ফন্টৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছিল ৷ বিগত ১০ বছৰ পাছত এম এন এফ অৰ্থাৎ মিজো নেশ্যনেল ফন্ট ৰাজ্যখনৰ ক্ষমতালৈ ঘুৰি আহে ৷ এম এন এফে ৩৭.৬ শতাংশ,কংগ্ৰেছে ৩০.২ শতাংশ, বিজেপিয়ে ৮ শতাংশ আৰু অন্যান্যই ২২.৯ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷

ইফালে মিজোৰামত এম এন এফে ২৬ খন,কংগ্ৰেছে ৫ খন,বিজেপিয়ে ১ খন,অন্যান্য ৮ খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ মধ্যপ্ৰদেশতো কংগ্ৰেছ আৰু বিজেপিৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাত কংগ্ৰেছে ১১৩ আসন লাভ কৰে,বিজেপিয়ে ১০৯ খন,বিএছপি য়ে ২ খন আৰু অন্যান্যই লাভ কৰে ৮ খন আসন ৷ ছত্তীছগড়ত কংগ্ৰেছে লাভ কৰে ৬৮ খন,বিজেপিয়ে লাভ কৰে ১৫ খন,অন্যান্যই ৭ খন আসন লাভ কৰে। ৰাজস্থানত কংগ্ৰেছে ১০১ খন,বিজেপিয়ে ৭৩ খন,অন্যান্যই ২৫ খন আসন লাভ কৰাৰ বিপৰীতে তেলেংগনাত টি আৰ এছ অৰ্থাৎ তেলেংগনা ৰাষ্ট্ৰ সমিতিয়ে চৰকাৰ গঠনৰ কৰাৰ কাৰণে দাবীদাৰ হয় ৷ তেলেংগনাত কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হয় ৬৮ খন,বিজেপিয়ে ১৫ খন আৰু অন্যান্যই ৭ খন আসন দখল কৰিবলৈ সক্ষম হয় । অন্যহাতে সম্প্ৰতি ৰাজ্যকেইখনত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ নেতাসকল হৈছে, মিজোৰামৰ MNF ৰাজনৈতিক দলৰ হৈ প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী জোৰামথাংগা ৷ মুখ্যমন্ত্ৰী লালথান হাওলাই দুখন আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰি দুয়োখন আসনতে পৰাজিত হ’ল ৷ মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীসকল হ’ল কংগ্ৰেছ দলৰ কমত নাথ,জ্যোতিৰাদিত্য সিন্ধিয়া আৰু দ্বিগবিজয় সিং ৷

ইফালে মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনত কোনো দলেই নকৰিলে একক সংখ্যাগৰিষ্ঠতা ৷ তেলেংগনাত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰসকল হ’ল তেলেংগনা ৰাষ্ট্ৰ সমিতিৰ কে চন্দ্ৰশেখৰ ৰাও ৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দাবীদাৰ হৈছে কংগ্ৰেছ দলৰ আশোক গেহলথ আৰু শচীন পাইলট আৰু ছত্তীছগড়ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দাবীদাৰ হ’ল কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূপেশ বঘেল,টি এছ সিং দেও,টমধ্বজ চাহু ৷ উল্লেখ্য যে,২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হোৱা পাঁচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক এক আখৰা হিচাপে পৰিগণিত হৈছে সাম্প্ৰতিক সময়ত

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com