তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিহু সংগতি সংকল্প অনুষ্ঠান

তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিহু সংগতি সংকল্প অনুষ্ঠান
Published on

বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু সমগ্ৰ ৰাজ্যবাসী। সমান্তৰালকৈ তিনিচুকীয়াতো পিছ পৰি থকা নাই ৰঙালী বিহুক আদৰিবলৈ। তিনিচুকীয়া জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিহু উৎযাপন । শনিবাৰে তিনিচুকীয়া গোলাপ চন্দ্ৰ ৰবি চন্দ্ৰ নাট্য মন্দিৰত সংকল্প অনুষ্ঠান আয়োজন কৰে । এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি, লেখক আৰু সাংবাদিক উপস্থিত থাকে ।

এ জে ৱাই পিৰ ৰাজ্যিক সাধাৰণ সম্পাদক উদয়ন গগৈ আট ধৰা অনুষ্ঠানত ফটিক নেওগ , জেষ্ঠ সাংবাদিক অমুল্য খাটনীয়াৰ, পুৰ্নানন্দা বৰুৱা, ৰিশি দাসৰ লগতে বহু জনক সম্বৰ্ধনা জনোৱা হয় । মান পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এদিনীয়া কাৰ্য্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় ।

তিনিচুকীয়া জিলাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম নেওগে অতিথি সকলক সম্ভাষণ জনোৱাৰ লগতে অনুষ্ঠাৰ উদ্দেশ্য বাখ্যা ব্যক্ত কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com