তিনিচুকীয়া জিলাৰ পাখৰীজানত ডি ভোটাৰ সজাই ভাৰতীয় নাগৰিকক অত্যাচাৰ চলোৱাৰ তথ্য পোহৰলৈ আহিলত সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি হৈছে।প্ৰাপ্ত তথ্য অনুসৰি নিজৰ পুত্র আৰু বোৱাৰীৰ ডি ভোটাৰ তালিকাত নাম অহা তথা সিহঁতক বিদেশী সজাই যোৰহাট ডিটেনচন কেম্পত আটক কৰি ৰখাৰ শোকত শোকস্তব্ধ হৈ এগৰাকী মাতৃৰ মৃত্যুৰ দুখলগা ঘটনা পোহৰলৈ আহিছে । এই ঘটনা তিনিচুকীয়াৰ পাখৰীজান অঞ্চলৰ ৬ নং লাইনৰ। জানিব পৰা মতে পাখৰীজান ৬ নং লাইনৰ নিবাসী চুটকী দেৱীৰ পুত্র দিনেশ প্ৰজাপতি আৰু বোৱাৰী তাৰা দেৱীৰ নাম ২০১৫ চনতে ডি ভোটাৰ তালিকাত আহিছিল। উক্ত গোচৰ সন্দৰ্ভত আদালতত সম্পূৰ্ণ নথি পত্র জমা দিয়াৰ পাছতো চলিত বছৰৰ মে মাহত আদালতৰ নিৰ্দেশ অনুসৰি তিনিচুকীয়া সদৰ থানাত দিনেশ প্ৰজাপতি আৰু তাৰা দেৱী হাজিৰ হোৱাত আৰক্ষীয়ে দুয়োকে কৰায়ত্ত কৰি যোৰহাট ডিটেনচন্ কেম্পত পঠিয়াই দিয়ে। ঘৰখনৰ একমাত্র উপাৰ্যন কাৰী পুত্র আৰু বোৱাৰী কৰায়ত্ত হোৱাত শোকত ম্ৰিয়মাণ হৈ পৰে মাতৃ চুটকী দেৱী। তথা খোৱা বোৱা এৰি কেৱল পুত্র বোৱাৰীক আইনৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ প্ৰচেষ্টা কৰি কৰি শেষত মৃত্যু বৰণ কৰিব লগা হয় চুটকী দেৱীয়ে।পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে দিনেশ প্ৰজাপতিৰ আজুককা স্বাধীনতাৰ পূৰ্বে তিনিচুকীয়াত আহি বসবাস কৰিবলৈ লয় আৰু তেতিয়াৰে পৰা তেওঁলোকৰ বংশ পৰিয়াল এই পাখৰীজান অঞ্চলত বসবাস কৰি আহিছে। উল্লেখযোগ্য যে দিনেশ প্ৰজাপতিৰ পৰিয়ালত ৫ টা কণ কণ শিশু আছে আৰু পিতৃ মাতৃ ডিটেনচন কেম্পত বন্দী হৈ থকাৰ বাবে বৰ্তমান শিশুসকলৰ পঢ়া শুনা বন্ধ হৈ থকাৰ উপৰিও শিশুসকল নিজ ভবিষ্যত লৈ শংকিত হৈ পৰিছে।পাখৰীজান অঞ্চলৰ ৰাইজে এই ঘটনাত ক্ষোভ প্ৰকাশ কৰি বৃহস্পতিবাৰে চুটকী দেৱীৰ মৃতদেহ লৈ তিনিচুকীয়া দুলীয়াজান সংযোগী পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আৰু দাবী কৰে যে এজন প্ৰকৃত ভাৰতীয় নাগৰিকক ডি ভোটাৰ কৰি বিদেশী সজোৱাৰ বাবে মাতৃৰ মৃত্যু হোৱা ঘটনা অতিকৈ দুখলগা আৰু তেখেতসকলক শীঘ্ৰে মুক্তি দিব লাগে তথা ঘটনাৰ উচিত তদন্ত হব লাগে। যি সময়ত সমগ্ৰ ৰাজ্যতে এনআৰচি যোগেদি প্ৰকৃত ভাৰতীয় নাম সান্নিবিষ্ট কৰাৰ প্ৰক্ৰিয়া চলোৱা হৈছে সেই সময়ত ভোজপুৰী সম্প্ৰদায়ৰ লোকক বিদেশী সজাই ডিটেনচন্ কেম্পত আবদ্ধ কৰি ৰখা ঘটনাই তিনিচুকীয়া বাসী লোকৰ চকু কপালত তুলিছে।
Begin typing your search above and press return to search.