তিনিচুকীয়াত পলিঠিনৰ বেগত সন্দেহজনক বোমা উদ্ধাৰ

তিনিচুকীয়াত পলিঠিনৰ বেগত সন্দেহজনক বোমা উদ্ধাৰ
Published on

আজিৰ পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ । প্ৰথম পৰ্যায়ত ভোট গ্ৰহণৰ সময়তে তিনিচুকীয়াৰ মথলা চাহ বাগানৰ মাজত উদ্ধাৰ কৰা হৈছে সন্দেহজনক বোমা । এটা পলিঠিনৰ বেগত বান্ধি থোৱা অবস্থাত সন্দেহজনক বোমা উদ্ধাৰ কৰা হৈছে । প্ৰথম পৰ্যায়ত ভোট গ্ৰহণৰ দিনা অৰ্থাৎ বৃহস্পতি বাৰে পুৱা উদ্ধাৰ কৰা হয় সন্দেহজনক বোমাটো।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এই ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । আৰক্ষীৰ লগতে নিৰাপত্তা ৰক্ষীয়ে ঘটনাস্হলীৰ উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ।

আৰক্ষীৰ অতিৰিক্ত অধীক্ষক আচিফ আহমেদে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ," তিনিচুকীয়াৰ মথলা চাহ বাগিছাৰ তেলৰ পাইপ লাইনৰ কাষত বোমা সদৃশ বস্তু থকাৰ খবৰ লাভ কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । বোমা নিষ্পত্তি বিভাগৰ টিম ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ বুলি প্ৰকাশ কৰে ।

আৰক্ষী অভিযান অব্যাহত ৰাখিছে । সমগ্ৰ অঞ্চলটোতে আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com