Begin typing your search above and press return to search.

তিনিচুকীয়াত বৃক্ষৰোপন আৰু গছপুলি বিতৰণ কাৰ্য্যসুচী ৰূপায়ণ

তিনিচুকীয়াত বৃক্ষৰোপন আৰু গছপুলি বিতৰণ কাৰ্য্যসুচী ৰূপায়ণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2018 11:05 AM GMT

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণত পৰিবেশ সুৰক্ষা সমিতিৰ উদ্যোগত তথা দঙ্গৰচুক পূৰ্বোদয় সংঘ আৰু দঙ্গৰচুক বিন্ধাকটা, বৰবাৰী বাঙালী ৰাইজৰ সহযোগত দেওবাৰে মূখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ জন্মস্থলী বিন্ধাকটা গাওঁত বৃক্ষৰোপণ আৰু গছপুলি বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ।বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উক্ত কাৰ্য্যসূচীৰ শুভাৰম্ভণী কৰি বিন্ধাকটা গাওঁ পঞ্চায়তৰ লগতে দঙ্গৰচুক আৰু বৰবাৰী বঙালী গাওঁত পৰিবেশ সুৰক্ষা সমিতিৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজৰ সহযোগত বৃক্ষৰোপণ আৰু গছপুলি বিতৰণ কৰে ।

উল্লেখ্য যে মূখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ জন্মস্থলত পৰিবেশ সুৰক্ষা সমিতিৰ দ্বাৰা আগন্তুক ৫ বছৰ বা তাতোতকৈ অধিক বছৰ পৰ্য্যন্ত বৃক্ষৰোপণ আৰু বিতৰণ কাৰ্য্যসূচী চলাই যোৱা হব বুলি পৰিবেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই জানিব দিয়ে ।লগতে জনায় যে উক্ত কাৰ্য্যসূচীত চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকায়ো সহযোগিতা আগবঢ়ায় বুলি তেখেতে জানিব দিয়ে | তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমতে পৰিবেশ সুৰক্ষা সমিতিৰ দ্বাৰা বৃক্ষৰোপণ আৰু কৰি প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্রত অগ্ৰণী ভূমিকা লোৱা দেখা যায় ।

Next Story
চাকৰি