Begin typing your search above and press return to search.

তিনিচুকীয়াৰ ডিগবৈত ভয়ংকৰ অগ্নিকাণ্ড

তিনিচুকীয়াৰ ডিগবৈত ভয়ংকৰ অগ্নিকাণ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2018 8:54 AM GMT

তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত ডিগবৈ তিনিআলিৰ শ্বহীদ বেদীৰ সমীপত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ দোকান ।

সুনীল দেৱনাথ নামৰ এজন লোকৰ ঘৰৰ পৰাই শ্বট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।সুনীল দেৱনাথৰ ব্যৱসায়ীৰ প্রতিষ্ঠান আৰু ঘৰ একেলগে আছিল। সুনীল দেৱনাথৰ লগতে গৌতম পাল আৰু চন্দন পাল নামৰ দুজন ব্যৱসায়ীৰ প্রতিষ্ঠান সম্পূৰ্ণ ৰূপে জাহ যায়।

বহুত লাখ টকাৰ সম্পত্তি জুইত ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ।ডিগবৈ শোধনাগাৰৰ অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নুমোৱাবলৈ সক্ষম হয়।

Next Story