Begin typing your search above and press return to search.
তিনিচুকীয়া চহৰত ডকাইতি কাণ্ড সংঘটিত

তিনিচুকীয়া চহৰৰ মাজ-মজিয়াত এক চাঞ্চল্যৰ ডকাইতি কাণ্ড সংঘটিত হয়৷ নিশা ৯ মান বজাত তিনিচুকীয়া চহৰৰ ব্লাড বেংকৰ সমীপৰ গীতা এলুমিনিয়াম এণ্ড হাৰ্ডৱেৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনলৈ ১০-১৫জনীয়া এটা অস্ত্ৰধাৰী যুৱকৰ দলে অতৰ্কিতে প্ৰৱেশ কৰি ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ৰমেশ আগৰৱালাক মাৰ-ধৰ কৰি দোকানৰ কেচৰ পৰা ধুন লুট কৰি উধাও হয় অস্ত্ৰধাৰী যুৱকৰ দলটো৷ ঘটনাস্থলীত তিনিচুকীয়া সদৰ আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ডকাইতৰ দলটো পলায়ন কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে আৰক্ষীয়ে ডকাইতি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে৷ ইপিনে আহত ব্যৱসায়ী ৰমেশ আগৰৱালাক চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷
Next Story