Top
Begin typing your search above and press return to search.

তিনিচুকীয়া ৰেলৱে মাণ্ডলিক কাৰ্যালয়ত আছুৰ বিক্ষোভ

তিনিচুকীয়া ৰেলৱে মাণ্ডলিক কাৰ্যালয়ত আছুৰ বিক্ষোভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2018 12:22 PM GMT

ৰেল বিভাগত অৱসৰ প্ৰাপ্ত বিষয়া-কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি এশ শতাংশ থলুৱা নিৱনুৱাক নিযুক্তি দিয়াৰ দাবী জনাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া মাণ্ডলিক ৰেল’ প্ৰৱন্ধকৰ কাৰ্যালয়ত বুধবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷

আছু কৰ্মী সকলে বিভিন্ন শ্ল’গানে বিক্ষোভ থলিৰ আকাশ-বতাহ কপাই তোলে৷ ৰেলবিভাগে অসমৰ থলুৱা নিৱনুৱাক বঞ্চিত কৰি আহিছে,উত্তৰ-পূৱ সীমান্ত ৰেলৱেত এঘাৰ হাজাৰ পদ খালি হৈ আছে,তাৰে তিনিচুকীয়া মণ্ডলত প্ৰায় ১৭০০ পদ খালি হৈ আছে৷

কিন্তু এই পদ সমূহত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰা অভিযোগ উত্থাপন কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনয় ডুৱেই৷এই পদ সমূহত থলুৱা নিৱনুৱাক নিযুক্তি দিবলৈ আছুৱে কঠোৰ সকিয়নি প্ৰদান কৰে ৰেল বিভাগক৷

Next Story