তিনিজনকৈ বাংলাদেশী লোকক হাইলাকান্দিত আটক

তিনিজনকৈ বাংলাদেশী লোকক হাইলাকান্দিত আটক
Published on

যোৱা দেওবাৰে হাইলাকান্দি জিলাৰ লালা এলেকাত আৰক্ষীয়ে তিনিজনকৈ বাংলাদেশী লোকক আটক কৰে।লোক কেইজনে অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰাৰ তথা ভাৰতীয় পাৰপত্ৰ ১৯৬৭ আইন খন ভংগ কৰাৰ তথ্য লাভ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰে। হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষ মনিষ মিশ্ৰাই কয় যে,তেওঁলোকৰ ওচৰত বৈধ পাচৱৰ্ট পৰ্যটক ভিচা আছিল যদিও তেওঁলোকে ভাৰতত প্ৰৱেশ কৰি ব্যৱসায়-বানিজ্য লিপ্প হোৱাৰ ফলত পাৰ-পত্ৰ ভংগ হয়।যি আইন মতে দণ্ডনীয়।আটক কৰা লোক কেইজন ক্ৰমে,মহম্মদ হাফিজ মল্লা,আয়ৰ আলী আৰু মহম্মদ বাবলু মল্লা আৰু লোককেইজন গোপালগঞ্জৰ ভুলবাৰী গাৱঁৰ নিৱাসী বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com