Begin typing your search above and press return to search.

তিৰাপত বিধায়ক তিৰং আবু সহ ১০ জনক হত্যা সন্দেহজনক এন এচ চি এন ( আই এম)ৰ

তিৰাপত বিধায়ক তিৰং আবু সহ ১০ জনক হত্যা সন্দেহজনক এন এচ চি এন ( আই এম)ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2019 7:19 AM GMT

মংগলবাৰে বিধায়ক তিৰং আবুৰ লগতে তেওঁৰ পুত্ৰ আৰু দেহৰক্ষীক হত্যা কৰা হয়। এই কাণ্ডৰ লগত এন এচ চি এন জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে । অৰুণাচল প্ৰদেশৰ তিৰাপত এই ঘটনা সংঘটিত হৈছে ।

অৰুনাচল প্ৰদেশৰ খংচাৰ ভিতৰে বাহিৰে সেনাই অভিযান তীব্ৰতৰ কৰি তুলিছে । এই ঘটনাৰ লগত জড়িত দোষী ধৰিবলৈ অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে । ঘটনাস্হলীত ইতিমধ্যে ডি আই জি, আই জি পি আৰু এচ পি গৈ উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।

তিৰং আবুয়ে অসমৰ ডিব্ৰুগড় জিলাৰ পৰা তেওঁৰ পুত্ৰ লংগেম আবু , পৰিয়াল বৰ্গৰ লগতে ৪ জন ব্যক্তিগত দেহৰক্ষী সহ গৈ থকা অবস্থাত উগ্ৰপন্থীয়ে গাড়ী ৰখাই নিৰ্বিচাৰ গুলীচালনা কৰি হত্যা কৰে।

এই ঘটনাত বিধায়ক তিৰং আবুৰ লগতে পুত্ৰ লংগেম আবু আৰু ৱাঙগৈ হাখুন, জালিন হাখুন, গানৱাঙ হাখুন, মাটলাম আবু, পানগ্ৰ, দুজন দেহৰক্ষী পনহাং আজি আৰু বি. চিকচা নিহত হৈছে । আৰু দুজনক চিনাক্ত কৰা হোৱা নাই বৰ্তমানলৈকে ।

আৰক্ষীয়ে জনোৱা মতে দুজন দেহৰক্ষী ৱাঙচান হাখুন আৰু ৱাঙদান হাখুনক গুলী মৰাৰ ফলত আহত হৈছে আৰু এগৰাকী মহিলা, আন এগৰাকী দেহৰক্ষী লুকাই থাকিবলৈ সক্ষম হৈছিল এই ঘটনাত ।

তিৰং আবু এন পি পি দলৰ বিধায়ক । পশ্চিম খংচা সমষ্টিৰ বিধায়ক আছিল তিৰং আবু । তেওঁ দ্বিতীয় বাৰৰ বাবে তেওঁ নিৰ্বাচনত অবতীৰ্ণ হৈছিল । তিৰং আবুয়ে এন এচ চি এন-আই এমৰ পৰা ভাবুকি লাভ কৰিছিল বহু বাৰ ।

এইখন জিলাত সংঘটিত হোৱা এয়া দ্বিতীয়টো ঘটনা । চলিত বৰ্ষৰ ২৯ মাৰ্চত এন পি পিৰ সমৰ্থক হত্যা কৰা হৈছিল। আবুৰ হৈ প্ৰচাৰ চলাই উভতাৰ পথতে এন এচ চি এন ( আই এম) য়ে হত্যা কৰিছিল ।

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুয়ে এই ঘটনাৰ সন্দৰ্ভত প্ৰকাশ কৰে যে, এই ঘটনাত আশ্বৰ্য প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ বিধায়ক তিৰং আবুৰ সহ ১১ জনক অতি নিৰ্মম ভাৱে হত্যা কৰা বাবে দুখ প্ৰকাশ কৰিছে । এই ঘটনাৰ লগত জড়িত ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰা হব বুলি টুইটাৰ যোগে প্ৰকাশ কৰে কিৰেন ৰিজিজুয়ে ।

এন পি পি ৰ মুখ্য আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই এই দুখ লগা ঘটনাটোত আশ্বৰ্য প্ৰকাশ কৰিছে । " বিধায়ক তিৰং আবু আৰু তেওঁৰ পৰিয়ালৰ হত্যাৰ বাতৰিয়ে এন পি পি দলক হতবাক কৰি তুলিছে । এই ঘটনাক তীব্ৰ গৰিহণা দিছো আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙ আৰু পি এম অক এই ঘটনাত জৰিত থকাৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন কৰিছো বুলিও প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি