
বলীউডৰ চিৰসেউজ অভিনেত্ৰী হেলেনক আমাৰ সকলোৰে প্ৰিয় ৷ ৮০-৯০ দশকত হেলেনৰ যাদু সকলো চলচ্চিত্ৰ প্ৰেমীৰ মাজত জনপ্ৰিয় আছিল ৷ অৱশ্যে আজিৰ প্ৰজন্মৰ মাজতো সেই চিৰ সেউজ অভিনেত্ৰী গৰাকী সমানেই জনপ্ৰিয় ৷ কিন্তু আমাক বিভিন্ন ছবিৰ জৰিয়তে আমোদ দিয়া অথবা নিজৰ অসাধাৰণ নৃত্যা জৰিয়তে বলীউডত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা হেলেনৰ জীৱন যাত্ৰা নাছিল মসৃন ৷ যথেষ্ট কাঁইটীয়া পথ অতিক্ৰম কৰিহে সকলোৰে হৃদয়ত স্থান পাইছিল হেলেনে ৷ এই অভিনেত্ৰী গৰাকীৰ জীৱনৰ লগত কৰা সংঘৰ্ষৰ পৰা আজিৰ প্ৰজন্মৰ কাৰণে হ’ব পাৰে প্ৰেৰণা স্বৰূপ ৷
হেলেনৰ সম্পূৰ্ণ নাম হেলেন এন ৰিচাৰ্ডচন ৷ হেলেনৰ জন্ম হৈছিল ১৯৩৮ চনৰ ২১ নৱেম্বৰত ম্যানমাৰৰ ৰংগুনত ৷ চলিত বৰ্ষত হেলেনে ৮০ বছৰ অতিক্ৰম কৰিলে ৷ যদি আপুনি বলীউডৰ নৃত্য শিল্পী সকলৰ তালিকা নিৰীক্ষণ কৰে তেন্তে হেলেনৰ নাম নিশ্চয় দেখিব ৷ সম্প্ৰতি হেলেনে সুখকৰ জীৱন নিৰ্বাহ কৰি আছে ৷ হেলেনৰ পিতৃ জৰ্জ ডেস্মিয়ৰ আছিল এজন এংলো ইণ্ডিয়ান আৰু মাতৃ আছিল বৰ্মাৰ ৷ হেলেনৰ ভাতৃৰ নাম আছিল ৰ’জৰ আৰু ভগ্নীৰ নাম আছিল জেনিফৰ ৷দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত হেলেনৰ পিতৃয়ে এই পৃথিৱীৰ পৰা মেলানি মাগে আৰু তেতিয়াৰ পৰা হেলেনৰ জীৱন দুখ দুৰ্গতিৰে ভৰি পৰাৰ লগতে নিজৰ জন্ম স্থান বৰ্মা পৰিত্যাগ কৰে ৷
১৯৬৪ চনত এটা সাক্ষাৎকাৰত হেলেনে কৈছিল যে আমি ছয় শতাধিক লোক স্থান বিচাৰি যাত্ৰা কৰিছিলো ৷ আমাৰ লগত কোনো খাদ্য নাছিল ৷ নাছিল টকা ৷ আমাৰ পিন্ধিবলৈ বস্ত্ৰ নাছিল ৷পথত যদি আমাক কোনোবাই কিবা আমাক খাবলৈ দিয়ে তেতিয়াহে আমি খাবলৈ পাইছিলো ৷ এনেকৈয়ে আমি এদিন অসমত উপস্থিত হৈছিলো। অসমত উপস্থিত হোৱাৰ সময়ত আমাৰ মাজত কেৱল ছয় শতাধিকৰ আধাহে থাকেগৈ ৷ পথত কিছু সংখ্যকৰ মৃত্যু হ’লগৈ যদিও আন কিছু সংখ্যক পিছ পৰি গ’ল ৷ মোৰ অৱস্থা এনেধৰণৰ হ’লগৈ যে মই দেখাত কংকালৰ দৰে হৈ পৰিলোঁ ৷ ভাইটিৰ অৱস্থাও অত্যন্ত বেয়াৰ ফালে ঢাল খাইছিল ৷আমি দুমাহ ধৰি চিকিৎসালয়ত থকাৰ পিছত কলকাত্তালৈ যাত্ৰা কৰিলোঁ ৷কিন্তু দুখ জনক কথা এয়ে যে মোৰ ভাইটিয়ে সৰু আইৰ পৰা আৰোগ্য লাভ নকৰিলে আৰু মৃত্যু লাভ কৰিলে ৷
সচাঁকৈয়ে হেলেনে জীৱনত উন্নতিৰ শিখৰত আৰোহন কৰোঁতে হোৱা সংঘৰ্ষ মনকৰিব লগীয়া ৷ হেলেনৰ মাতৃয়ে নাৰ্চৰ কৰ্মত নিযুক্তি আছিল ৷ কিন্তু মাতৃৰ সেই উপাৰ্জন এখন ঘৰৰ কাৰণে যথেষ্ট নাছিল ৷গতিকে হেলেনে মাতৃৰ প্ৰয়োজন পূৰ্ণ কৰিবৰ কাৰণে পঢ়া আধাতে সামৰি কামৰ সন্ধান কৰে ৷ ইয়াৰ পিছত হেলেন উপস্থিত হয় মুম্বাইত ৷ প্ৰথমতে দুখন মান ছবিত অভিনয় কৰাৰ পিছত হেলেনৰ ১৯৬২ চনত কাবিল খানৰ দৃশ্য গ্ৰহণৰ সময়ত চেলীম খানৰ লগত সাক্ষাৎ হয় ৷
চেলিমে সুন্দৰী হেলেনক দেখিয়েই প্ৰেমত পৰে ৷ কিন্তু চেলীম প্ৰথমৰ পৰা বিবাহিত আছিল। প্ৰথমা পত্নী চলমা এই সম্পৰ্কটোক লৈ বহুত আপত্তি কৰাৰ পিছতো চেলীমে হেলেনৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷ ১৯ বছৰ বয়সতে হেলেনে হাৱড়া ব্ৰীজ নামৰ ছবি খনৰ পিছৰ পৰা বলীউডত এক বিশেষ স্থান অধিকাৰ কৰে ৷গীতা দত্ত,লতা মংগেশকাৰ,আশা ভোশলে দৰে গায়িকাই হেলেনৰ কাৰণে কণ্ঠ দান কৰে ৷ চেলীম খানৰ প্ৰথমা পত্নী চলমাৰ সন্তান ছলমান খান,আৰবাজ খান আৰু চোহেইল খানে বহুত মৰম আৰু সন্মান কৰে হেলেন আন্টিক ৷ গতিকে বলীউডৰ এই গৰাকী চিৰ সেউজ অভিনেত্ৰী জীৱনৰ এই সংঘৰ্ষই শিকাই গ’ল বহু কথা ৷ ছবিত সকলোকে হহুৱাই ,কন্দুৱাই আমোদ দিয়া হেলেন জীৱনৰ এই দস্তাবেজে প্ৰেৰণা দিব হেলেনৰ অনুৰাগীৰ লগতে নতুন প্ৰজন্মক ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন