তুৰা লোকসভা সমষ্টি: এন পি পি প্ৰাৰ্থী আগাথা কে চাংমায়ে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাক প্ৰতিহত কৰে

তুৰা লোকসভা সমষ্টি: এন পি পি প্ৰাৰ্থী আগাথা কে চাংমায়ে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাক প্ৰতিহত কৰে
Published on

তুৰা লোকসভা সমষ্টিত এন পি পি প্ৰাৰ্থীৰ বিজয় । তুৰা লোকসভা সমষ্টিত এন পি পি দলৰ প্ৰাৰ্থী আগাথা কে চাংমায়ে ৬৩,৫২৬ ভোটৰ ব্যবধানত কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাক প্ৰতিহত কৰে ।

ভাৰতৰ নিৰ্বাচনী আয়োগৰ তথ্য মতে বৰ্তমানৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাৰ ভগ্নী আগাথা কে চাংমায়ে তুৰাত ৩,০২,৭৯৯ ভোট লাভ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা য়ে লাভ কৰে ২,৩৯,০২৩ ভোট লাভ কৰে।

আগাথা কে চাংমায়ে ৫২.২৫ শতাংশ লাভ কৰাৰ বিপৰীতে মুকুল চাংমায়ে লাভ কৰে ৪১.২৫ শতাংশ । মুখ্যমন্ত্ৰী কনৰেড কে চাংমায়ে টুইটাৰযোগেপ্ৰকাশ কৰে যে " আগাথা কে চাংমাৰ বিজয়ত এন পি পিয়ে গৌৰব অনুভব কৰিছে । গাৰো পাহাৰৰ লোকৰ প্ৰতিনিধি হিচাপে নতুন দায়িত্বলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com