অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি দ্বীপেন পাঠকে আজি সংবাদ মেল আয়োজন কৰি দলৰ পৰা পদত্যাগ কৰে।সভাপতি পাঠকে কয় যে অসমীয়া ৰাইজৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে।মই আৰু তেওঁলোকৰ লগত কাম কৰাতো অসম্ভৱ।লগতে পাঠকে কয় যে অসমৰ এনে সময়ত দলটোক আহিব নালাগে বুলি কৈছিলো যদিও মোৰ পৰামৰ্শ নস্যাৎ কৰি তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দল অসমলৈ আহিছে।দেশতকৈ দল কেতিয়াও ডাঙৰ হব নোৱাৰে,অসম আইৰ জাতীয় স্বাৰ্থত মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছো।অসমীয়া মানুহৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।অসমৰ জলন্ত সমস্যাক লৈ কোনোদিনে তৃণমূল কংগ্ৰেছে মাত মতা নাই।অসমত বিষবাষ্প বিয়পাবলৈ দলটোয়ে চেষ্ঠা কৰিছে।
Begin typing your search above and press return to search.