তৃতীয়বাৰৰ কাৰণে বিধ্বংসী ধুমুহাৰ সন্মুখীন গোৱালপাৰা

এক সপ্তাহৰ ভিতৰত তৃতীয়বাৰৰ কাৰণে বিধ্বংসী ধুমুহাৰ সন্মুখীন হ’ল গোৱালপাৰা জিলাৰ জনসাধাৰণ ৷শনিবাৰে আৰু দেওবাৰে অহা ধুমুহাই ইতিমধ্যে অঞ্চলটোৰ ব্যাপক ক্ষয় ক্ষতিৰ সন্মুখীন হৈছিল । ইয়াৰ পিছতে, সোমবাৰে নিশা প্ৰায় ১২ বজাত অহা বিধ্বংসী ধুমুহাই কৰা ক্ষয় ক্ষতিয়ে, বিগত ৩০ বছৰৰ ভিতৰত হোৱা ক্ষয় ক্ষতিৰ সীমা অতিক্ৰম কৰিছে ৷
ইফালে,ধুমুহাৰ লগতে বজ্ৰপাতে মটিয়া বিকাশ কেন্দ্ৰৰ অন্তৰ্গত মৰনৈ,ম’নাক’ছা, নেপালীখুঁটী, ক’ডালধোৱা, ডাকাইডাল,ড’চ’ভূজা তিনিআলী,ভাটীপাৰা,কেম্প বাজাৰ,লুপতাচাৰ, সোনাপুৰ,ডুবাপাৰা, লালাব’ৰী আৰু দোহটক’টাক ক্ষতিগ্ৰস্ত কৰে ৷ ইফালে ধুমুহাত মৰনৈ সৈনিক স্কুলৰ কেম্পাচৰ ভিতৰত এডাল প্ৰকাণ্ড গছ ভাগি পৰে ৷ লগতে ধুমুহাত ভাগি পৰা গছ গছনিয়ে অঞ্চলটোৰ পথত যান বাহনৰ সমস্যাৰ সৃষ্টি কৰে ৷ বিদ্যুৎ বিভাগৰ বিষয়া সঞ্জীৱ দাসে কয় যে বিদ্যুৎ বিভাগৰ কেম্পাচৰ ভিতৰত প্ৰায় ৪০ টা বৈদ্যুতিক খুঁটা ভাগি পৰে ৷
অঞ্চলটোত ৩০ লাখ টকাৰ এটা চ’লাৰ পেনেল ধুমুহাত ধ্বংস হয় ৷ পুৱা সেনাৰ এটি দল অঞ্চলটোত উপস্থিত হৈ পথসমূহত পৰি থকা গছ গছনি আঁতৰাই ৷ অন্যহাতে বিধ্বংসী ধুমুহাই মৰনৈ আৰক্ষী থানাৰ তিনিটা পকী গৃহও ক্ষতি গ্ৰস্ত কৰে ৷ ইফালে একাদিক্ৰমে তিনিটা প্ৰাকৃতিক দুৰ্যোগে চৰকাৰী বিভাগক বিপদত পেলাইছে ৷ বিদ্যুৎ বিভাগৰ বিষয়া সঞ্জীৱ দাসে কয় যে, ফৰেষ্ট গেট,বাপুজীনগৰ আৰু শালবাৰীৰ বিভিন্ন অঞ্চলত বিগত তিনিদিন ধৰি বিদ্যুত নাছিল ৷ কিছু সংখ্যক অঞ্চলত মংগলবাৰে বিদ্যুত দিয়া হয় ৷
সম্প্ৰতি, আমাৰ কৰ্মীসকলে দিনে নিশা কাম কৰি আছে ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনায় যে ৰঙজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰথম দুটা ধুমুহাত ২৭৯ টা ঘৰ,৫১ টা বাণিজ্যিক প্ৰতিষ্ঠান আৰু তিনিটা শৈক্ষিক প্ৰতিস্থান ক্ষয় ক্ষতিৰ সন্মুখীন হয়। মতিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত প্ৰায় ৫০০০ ঘৰ ক্ষতি গ্ৰস্ত হয় ৷ ইফালে ভালুকডুবি চৰকাৰী চিকিৎসালয়ত খোৱা পানীৰ সমস্যা দেখা দিছে ৷ উল্লেখ্য যে, ধুমুহাত ব্যাপক ক্ষয় ক্ষতিৰ সন্মুখীন হোৱা অঞ্চলটোত এতিয়ালৈকে কোনো মন্ত্ৰী অথবা ৰাজনৈতিক নেতা উপস্থিত হোৱা নাই ৷
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি