Begin typing your search above and press return to search.

তৃতীয় পৰ্যায় ভোটগ্ৰহণত ১ বজালৈকে ভোটৰ হাৰ ৪৬.৬১ শতাংশ

তৃতীয় পৰ্যায় ভোটগ্ৰহণত  ১ বজালৈকে ভোটৰ হাৰ ৪৬.৬১ শতাংশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2019 8:20 AM GMT

আজি তৃতীয় পৰ্যায় ভোট গ্ৰহণ । ৰাজ্যৰ ৪ টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায় ভোট গ্ৰহণ। গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰীত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ । ৯৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰ ত ৭৪,৭৭,০৬২ ভোটাৰ আছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪ টা সমষ্টিত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈছে ।

তৃতীয় পৰ্যায় নিৰ্বাচনত ১ বজালৈকে ভোটৰ হাৰ হৈছে ৪৬.৬১ শতাংশ । ধুবুৰী লোকসভা সমষ্টিত ভোটৰ হাৰ ৫৩.০৭ শতাংশ, কোকৰাঝাৰ সমষ্টিত ভোটৰ হাৰ ৪৭.৫৯ শতাংশ , বৰপেটা সমষ্টিত ৪৬.২১ শতাংশ, গুৱাহাটী সমষ্টিত ভোটৰ হাৰ ৪০.৬০ শতাংশ ।

গুৱাহাটী লোকসভা সমষ্টিত ১৭ জন প্ৰাৰ্থী নিৰ্বাচনত অবতীৰ্ণ হৈছে । বৰপেটাত ১৩ জন প্ৰাৰ্থী, কোকৰাঝাৰত ৯ জন প্ৰাৰ্থীৰ, আৰু ধুবুৰীত ১৫ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২১,৭৮,৬১৭ । ইয়াৰে ১১,০০,৭৪৬ পুৰুষ আৰু ১০,৭৭,৭৯৩ মহিলা। ১৫৭ তৃতীয় লিংগ ভোটাৰ আছে ।

গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ড, নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা, ডঃ ফাৰুক আহমেদ ভূঞা (নিৰ্দলীয়), ছাদেক আলি (নিৰ্দলীয়) , হিন্দুস্তান নিৰ্মান দলৰ ৰাজিব কাকটি, ভোটাৰ পাৰ্টি ইন্টাৰনেচনেল দলৰ প্ৰাৰ্থ প্ৰতিম বৰুৱা, সমাজবাদী পাৰ্টিৰ ৰাতুল কুমাৰ চৌধুৰী , তৃণমূল কংগ্ৰেছৰ মনোজ শৰ্মা, কংগ্ৰেছৰ ববিতা শৰ্মা, বিজেপিৰ কুইন ওজা, ভৰতীয় গন পৰিষদৰ ডঃ অভিজিৎ চক্ৰবৰ্ত্তী আৰু পংকজ দাস ।

বৰপেটা সমষ্টিত অগপৰ কুমাৰ দিপক দাস, কংগ্ৰেছৰ আব্দুল খালেক আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে প্ৰতিদন্দ্বিতা আগবঢ়াইছে । বৰপেটাত ভোটাৰ সংখ্যা হৈছে ১৬,৭৬,৮৫৪ । ইয়াৰে ৮৬,৫৩,০০ পুৰুষ আৰু ৮১,১৫৩৮ মহিলা ভোটৰ আছে। ১৬ জন তৃতীয় লিংগৰ ভোটাৰ আছে ।

কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা, বি পি এফৰ প্ৰমীলা ৰানী ব্ৰহ্ম , নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়া আৰু ইউনাইটেড পিপলচ পাৰ্টিৰ উৰ্খাও গৌৰা ব্ৰহ্ম । কোকৰাঝাৰত ভোটাৰ সংখ্যা ১৭,৬৫,৪২৩ । ইয়াৰে ৯০,০৩১৮ পুৰুষ আৰু ৪৬,৫০৬৬ মহিলা ভোটৰ । ৩৯ তৃতীয় লিংগৰ ভোটাৰ আছে ।

ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰউদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী, অগপৰ প্ৰাৰ্থী যাবেদ ইছলাম। ধুবুৰীত ভোটাৰ সংখ্যা ১৮,৫৬,১৬৮। ইয়াৰ ৯৪,৮৯৭১ পুৰুষ ভোটাৰ থকাৰ বিপৰীতে মহিলা ভোটাৰ সংখ্যা হৈছে ৯০,৭১৭৩ আৰু ২৪ তৃতীয় লিংগৰ ভোটাৰ আছে ।

৪ টা লোকসভা সমষ্টিত ১৪৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ধুবুৰীত ২৯ টা, কোকৰাঝাৰত ১১টা, বৰপেটাত ২৪ টা আৰু গুৱাহাটীত ৭৯ টা মহিলা ভোট কেন্দ্ৰ আছে।

তৃতীয় পৰ্যায় নিৰ্বাচনত ৫২৪ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৩৮,৩০৮ নিৰ্বাচনী বিষয়া আৰু ২০০ নিৰাপত্তা ৰক্ষীক মোতায়েন কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি