Begin typing your search above and press return to search.

তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচনৰ বাবে অসম - ভূটান সীমান্ত বন্ধ কৰা হৈছে

তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচনৰ বাবে অসম - ভূটান সীমান্ত বন্ধ   কৰা হৈছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2019 8:23 AM GMT

অসমৰ তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচনৰ বাবে বিটিএডি ছেক্টৰৰ লগতে ভাৰত - ভূটান সীমান্ত বন্ধ কৰি দিছে। এচ এচ বিয়ে এই সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

বিটিএডিত ভূটান সীমান্তৰ অধিক সংখ্যক সোমাই পৰে। এই অঞ্চলৰ ভিতৰত কোকৰাঝাৰ সমষ্টিত আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে।

উল্লেখযোগ্য যে এই অঞ্চলত বৰ্তমানেও এন ডি এফ বি সংক্ৰিয় হৈ আছে । ৰাজ্যত মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে এনেধৰণৰ ব্যৱস্থা সমুহ গ্ৰহণ কৰিছে।

কোকৰাঝাৰ লোকসভা সমষ্টিত কেইবাটাও স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে। এই ভোট গ্ৰহণ কেন্দ্ৰ সমুহত ইতিমধ্যে সেনা বিষয়া মোতায়েন কৰা হৈছে ।

বঙাইগাঁওতো পশ্চিম বংগৰ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । লোকসভা নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ বাবে অসম-পশ্চিম বংগয়ে আলোচনা কৰিছিল ।

কোকৰাঝাৰত লোকসভা সমষ্টিত ৯ জন প্ৰাৰ্থী নিৰ্বাচনত অবতীৰ্ণ হৈছে| কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা, বি পি এফৰ প্ৰমীলা ৰানী ব্ৰহ্ম , নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়া আৰু ইউনাইটেড পিপলচ পাৰ্টিৰ উৰ্খাও গৌৰা ব্ৰহ্ম । কোকৰাঝাৰত ভোটাৰ সংখ্যা ১৭৬৫৪২৩ । ইয়াৰে ৯০০৩১৮ পুৰুষ আৰু ৪৬৫০৬৬ মহিলা ভোটৰ । ৩৯ তৃতীয় লিংগৰ ভোটাৰ আছে ।

আজি ৰাজ্যৰ ৪ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ । ৯৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰ ত ৭৪,৭৭,০৬২ ভোটাৰ আছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪ টা সমষ্টিত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি