Begin typing your search above and press return to search.

তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচনত দিনৰ ৩ বজালৈকে ভোটৰ হাৰ ৬২.১৩ শতাংশ

তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচনত দিনৰ ৩ বজালৈকে ভোটৰ হাৰ ৬২.১৩ শতাংশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2019 10:12 AM GMT

ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈ আছে ভোট গ্ৰহণ । পুৱা ৭ বজাৰ পৰা দিঘলীয়া শাৰী পাতি ভোট গ্ৰহণ কেন্দ্ৰ সমুহত ভোটাৰে ভোটদান কৰিছে ।

ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত দিনৰ ৩ বজালৈকে ভোটৰ হাৰ ৬২.১৩ শতাংশ । গুৱাহাটী সমষ্টিত দিনৰ ৩ বজালৈকে ভোটৰ হাৰ ৫৮.২৩ শতাংশ, বৰপেটাত ভোটৰ হাৰ ৬০.৩৮ শতাংশ, কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটৰ হাৰ ৬৩.৩৬ শতাংশ, ধুবুৰীত ভোটৰ হাৰ ৬৭.১২ শতাংশ ।

৯৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰ ত ৭৪,৭৭,০৬২ ভোটাৰ আছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪ টা সমষ্টিত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হৈছে ।

গুৱাহাটী লোকসভা সমষ্টিত ১৭ জন প্ৰাৰ্থী নিৰ্বাচনত অবতীৰ্ণ হৈছে । বৰপেটাত ১৩ জন প্ৰাৰ্থী, কোকৰাঝাৰত ৯ জন প্ৰাৰ্থীৰ, আৰু ধুবুৰীত ১৫ জন প্ৰাৰ্থী নিৰ্বাচনত অবতীৰ্ণ হৈছে ।

গুৱাহাটী লোকসভা সমষ্টিত ১৭ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতাৰ কৰিব । ইয়াৰে কংগ্ৰেছৰ ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওজা আৰু নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ মাজত তীব্ৰ প্ৰতিদন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ।

গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২১৭৮৬১৭ । ইয়াৰে ১১০০৭৪৬ পুৰুষ আৰু ১০৭৭৭৯৩ মহিলা। ১৫৭ তৃতীয় লিংগ ভোটাৰ আছে ।

৪ টা লোকসভা সমষ্টিত ১৪৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ধুবুৰীত ২৯ টা, কোকৰাঝাৰত ১১টা, বৰপেটাত ২৪ টা আৰু গুৱাহাটীত ৭৯ টা মহিলা ভোট কেন্দ্ৰ আছে।

তৃতীয় পৰ্যায় নিৰ্বাচনত ৫২৪ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৩৮,৩০৮ নিৰ্বাচনী বিষয়া আৰু ২০০ নিৰাপত্তা ৰক্ষীক মোতায়েন কৰা হৈছে ।ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইভিএমৰ বিসংগতিৰ বাবে পৰমকৈ আৰম্ভ হয় ভোট গ্ৰহণ |

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি