তৃতীয় পৰ্য্যায়ৰ গুৱাহাটী নাট্য মহোৎসৱৰ সামৰণি

তৃতীয় পৰ্য্যায়ৰ গুৱাহাটী নাট্য মহোৎসৱৰ ৰবিবাৰে সফল সামৰণি পৰে। অন্তিম দিনা সন্ধিয়া 'ফৰেইন বডিজ' আৰু গধূলী 'ষ্টোৰীজ ইন এ চং' নামৰ নাট দুখন প্ৰদৰ্শন কৰা হয়। নৱেম্বৰৰ ১৬ তাৰিখৰ পৰা ১৮ তাৰিখলৈ চলা নাট্য মহোৎসৱ খনিত লটাৰ থেৰেপি ফিচাৰিং, ডিটেকটিভ ৯-২-১১ আদি উল্লেখযোগ্য নাট সমুহ মঞ্চস্থ কৰা হয়। বিশিষ্ট অভিনেটা নেইল ভোপালম, সুকান্ত গোৱেল আৰু অন্যান্ন ভালেমান আগশাৰীৰ অভিনেটাই নাট্য মহোৎসৱ খনিত অংশগ্ৰহণ কৰে।লণ্ডনৰ ইমোৱেন বাটলাৰ ক'লৰ একাংকিয়া নাট ফৰেইন বডিজ জীৱনৰ আশাবাদ, যৌন নিৰ্যাতনৰ পিছৰ বিপৰ্যয়ৰওপৰত আধাৰিত এখন মনোগ্ৰাহী নাট।
নাট্য মহোৎসৱত ২০১৮ বৰ্ষৰ 'লাইফ ইন দ্যা থিয়েটাৰ' বটা মৰোণত্তৰ ভাবে বিশিষ্ট নাট্য কৰ্মী শুক্ৰাচাৰ্য্য ৰাভাক প্ৰদান কৰা হয়। শুক্ৰাচাৰ্য্য ৰাভাই ব্যাতিক্ৰমী প্ৰচেষ্ঠাৰে নাটকক মানুহৰ মাজলৈ লৈ গৈছিল। মূলত নাট কৰ্মশালা, নিৰ্দেশনা আৰু অলংকৰণক শুক্ৰাচাৰ্য্য ৰাভাই অনন্য মাত্ৰা প্ৰদান কৰিছিল।থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰয়োগেৰে সম্পুৰ্ণ গাৱলীয়া জন জীৱনৰ আধাৰত নাট্য চৰ্চাৰ লক্ষ্যৰে ১৯৯৮ চনত ৰাভাই বাদুংডুপ্পাৰ জন্ম দিছিল।শুক্ৰাচাৰ্য্য ৰাভাৰ অৱৰ্তমানত একালৰ সহকৰ্মী মানস ৰাভাই বটাটি গ্ৰহণ কৰে।এই বৰ্ষৰ মহোৎসৱ খনিত তিনিখন কৰ্মশালা অনুষ্ঠিত কৰা হয় য'ত বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে।