Begin typing your search above and press return to search.

তেজপুৰত লোমহৰ্ষক হত্যাকাণ্ড: যুৱকক হানি-খুচি হত্যা

তেজপুৰত লোমহৰ্ষক হত্যাকাণ্ড: যুৱকক হানি-খুচি হত্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 March 2019 11:59 AM GMT

তেজপুৰৰ মাজ মজিয়াত সোমবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ।এখন ছুইফট ডিজায়াৰ বাহনৰ ভিতৰতে হানি-খুঁচি হত্যা এজন যুৱকক। ছুৰীৰ আঘাটত হাছ্নী মুদাছিৰৰ মৃত্যু ৷মৃত যুৱকজনৰ ঘৰ তেজপুৰৰ বাৰিকা চুবুৰীত।

সোমবাৰে নিশা ১০ মান বজাত অমৃত মণ্ডল নামৰ এজন এজন বন্ধুৰ লগত মুদাচিৰৰ AS12T7333নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে বাৰিকাচুবুৰীৰ নিজা ঘৰলৈ গৈ থকাৰ পথত দুজন দুস্কৃতিকাৰীয়ে তেজপুৰৰ পুৰণি বাণ থিয়েটাৰৰ ওচৰত হাছনীক হত্যা কৰে ৷আনহাতে ঘটনাৰ সময়ত অক্ষত অৱস্থাত থকা অমৃতে হাছনীক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷সমপ্ৰীতি অচেতন অৱস্থাত থকা অমৃতৰ পৰাহে সবিশেষ জানিৱ পৰা যাব। ঘটনাৰ পিছতে কনকলতা অসামৰিক চিকিৎসালয়ত উত্তেজনাৰ সৃষ্টি হয়। পৰিবহন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল যুৱকজন।

আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় লোকে জনোৱা মতে, হাচনিৰ বন্ধু অমৃত মণ্ডল এই হত্যাকাণ্ডত জড়িত হৈ আছে । লগতে হত্যাকাণ্ডৰ লগত জড়িত লোকক আটক কৰি উচিত শাস্তিৰ দাবী জনাইছে । তেজপুৰ আৰক্ষীয়ে জনাইছে যে যুৱক জন জিলা পৰিবহন বিভাগৰ কৰ্মচাৰী আছিল । যুৱক জন ঘৰলৈ ওভতাৰ সময়তে হত্যাকাণ্ড সংঘটিত হৈছে । ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি