তেজপুৰৰ গনেশ ঘাটত আজি পুৱা অসম আৰক্ষীৰ এজন কনিষ্টবলৰ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলা খনতেই চাঞ্চল্য সৃষ্টি কৰিছে । মৃত আৰক্ষী জোৱানজন চতিয়াৰ কৰতিগাঁৱৰ মিণ্টু বৰা বুলি জানিব পৰা গৈছে । বিশ্বনাথ আৰক্ষী থানাৰ আৰক্ষী কনিষ্টবল মিন্টু বৰা দীঘদীন ধৰি চাকৰিৰ পৰা আতৰি থাকি তেজপুৰ চহৰৰ আশে পাশে ঘূৰি ফুৰিছিল । হত্যা নে আত্মহত্যা সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত। মৃতদেহৰ মুখমণ্ডলত স্পষ্ট ৰূপত দেখা গৈছে আঘাতৰ চিন। নিশা কোনো লোকৰ সৈতে সুৰাপান কৰাৰ সন্দেহ। মৃতদেহৰ সমীপতে উদ্ধাৰ সুৰাৰ বটল। সুৰাপানৰ সময়তে কাজিয়াৰ সূত্ৰপাত ঘটি জোৱানজনক হত্যা কৰাৰ সন্দেহ ।আৰক্ষীয়ে মৃহদেহটো মৰোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আজি ৰহস্য জনক ভাবে তেজপুৰ গনেশ ঘাটত মৃতদেহ উদ্ধাৰ হোৱাত আৰক্ষী মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত বিশ্বনাথ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ধাৰ হয় নে নহয় সেয়াহে লক্ষনীয় হব।
Begin typing your search above and press return to search.