তেজপুৰৰ বেচেৰিয়াত পত্নীক হত্যাৰ চেষ্টা কৰি আত্মহনন

তেজপুৰৰ বেচেৰিয়াত পত্নীক হত্যাৰ চেষ্টা কৰি আত্মহনন

তেজপুৰৰ বেচেৰিয়া বাকৰি গাৱত এজন লোকে নিজৰ পত্নীক নৃশংস ভাৱে হত্যাৰ চেষ্টা কৰি নিজেও আত্মহনন কৰা বাতৰিয়ে চাঞ্চল্য সৃষ্টি কৰিছে । জানিব পৰা মতে বেচেৰিয়া বাকৰি গাৱৰ নিবাসী তথা তেজপুৰ কাৰাগাৰত হত্যাৰ অভিযোগত অভিযুক্ত যাৱজ্জিৱন দণ্ডৰে দণ্ডীত জীতেন নাথ কাৰাগাৰৰ পৰা ছুটি লৈ ঘৰলৈ আহিচিল । কেইদিন মান ঘৰত থকাৰ পিছত যোৱা নিশা জিতেন নাথে নিজৰ পত্নীক অন্য লোকৰ লগত সম্পৰ্ক থকাৰ অভিযোগত চোকা দাৰে নৃশংস ভাৱে ঘপিয়াই হত্যাৰ চেষ্টা কৰে ।অৱশ্যে পত্নী মৃত্যু হোৱা বুলি ভাবি নিশাই জিতেন নাথে ঘৰৰ বাৰীৰ এজোপা গছত গৈ আত্মহত্যা কৰে । আৰক্ষীয়ে ৰাইজৰ সহযোগত মুৰ্মস অৱস্থাত প্ৰথমে তেজপুৰত চিভিলত ভৰ্তি কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে । জিতেন দাসৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিছে । উল্লেখ্যয়ে যে জিতেন দাস নামৰ লোক জনে কেইবছৰ মানৰ পুৰ্বে তেওৰ পত্নীৰ লগত অসংযত অৱস্থাত গাৱৰে মৃদুল দাস নামৰ যুৱক এজনক উদ্ধাৰ কৰি যুৱক জনক হত্যা কৰি নিজৰ পাকঘৰত পুতি থৈছিল ।এই ঘটনাৰ বাবে জিতেন দাসক আদালতে যাৱজ্জিৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল । কাৰাগাৰৰ পৰা ছুটি লৈ আহি এই দৰে পত্নীক হত্যাৰ চেষ্টা কৰি নিজে আত্মহনন কৰিলে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com