তেজপুৰ আৰক্ষীয়ে আটক কৰে দুজনকৈ গাড়ী চোৰক

তেজপুৰ আৰক্ষীয়ে আটক কৰে দুজনকৈ গাড়ী চোৰক
Published on

তেজপুৰ সদৰ থানাৰ অন্তৰ্গত বৰঘাট আৰক্ষী আউটপোষ্টৰ আৰক্ষী বিষয়া ৰঞ্জিত শইকীয়াৰ নেতৃত্বত আৰু মানজা আৰক্ষী বিষয়া সকলৰ সহযোগত এক বিশেষ দল সজাই দুজনকৈ গাড়ী চুৰিকাৰ্য্যৰ লগত জড়িত দুজনকৈ ব্যক্তিক আৰক্ষীয়ে সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে ।এএছ-১২এচি-৯০৬০ নম্বৰত পঞ্জীয়ন থকা চুৰ হোৱা টাটা চুমু খন কাৰ্বি আংলংৰ মানজা এলেকাৰ পৰা জব্দ কৰে । গাড়ী খন দুদিন পূৰ্বে শোণিতপুৰ জিলাৰ বাতামাৰী এলেকাৰ পৰা চুৰ কৰে ।

তেজপুৰ সদৰ আৰক্ষী থানাৰ অচি বুদিন পেগুৰ পৰা জানিব পোৱা মতে,আটক কৰা গাড়ী চোৰ দুজন হৈছে ক্ৰমে যমুনামুখ সৰুপথাৰৰ চায়াবুদ্দিন(৩৩) আৰু হোজাই জিলাৰ যমুনামুখৰ নাগিয়াপামৰ নিৱাসী ফাৰিদ্দ্দিন(৩৪) । ঘটনাটি (২২৯৩/১৮)ৰ অন্তৰ্গত ৩৭৯ ধাৰাত পঞ্জীভুক্ত কৰা হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com