Begin typing your search above and press return to search.

তেলেংগানা বিধানসভা নিৰ্বাচনত ৭০ শতাংশ ভোট দান

তেলেংগানা বিধানসভা নিৰ্বাচনত ৭০ শতাংশ ভোট দান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2018 11:54 AM GMT

শুক্ৰবাৰে তেলেংগানাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন দুই এটা সৰু সুৰা ঘটনাক বাদ দি ৭০ শতাংশ ভোট দানেৰে শান্তিপূৰ্ণ ভাবে সামৰণি পৰে।ৰাজ্যখনৰ ১০৬ টা সমষ্টিত ভোট গ্ৰহণ সন্ধিয়া ৫ বজাত সামৰণি পৰে কিন্তু ভোট গ্ৰহণ কেন্দ্ৰ সমূহত শাৰী পাতি থকা ভোটাৰ সকলক ৫ বজাৰ পিছতো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিয়া হয়।আবেলি ৩ বজালৈ ৰাজ্যখনত ৫৬.১৭ শতাংশ ভোটদান সম্পন্ন হৈছিল।মাওঁবাদী হিংসা সংঘটিত ১৩ টা সমষ্টিত আবেলি ৪ বজাত ভোট গ্ৰহণ সম্পন্ন হয়।ভাৰতৰ নব নিৰ্মিত ৰাজ্যখনৰ এয়াই প্ৰথম সম্পুৰ্ণ নিৰ্বাচন।

২০১৪ চনত সংযুক্ত অন্ধ্ৰপ্ৰদেশ হিচাপে নিৰ্বাচন সম্পন্ন হৈছিল।ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰজত কুমাৰে সৰু-সুৰা দুই এক খেলিমেলিৰ বাহিৰে ৰাজ্যখনৰ ৩১ খন জিলাৰ ৩২৮১৫ টা সমষ্টিত ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাবে সামৰণি পৰে বুলি উল্লেখ কৰে। কিছু ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম মেচিনত থকা বিসংগতিৰ বাবে ভোট গ্ৰহণ পলমকৈ অনুষ্ঠিত হৈছিল।তেলেংগানাৰ বিধানসভাৰ নিৰ্বাচনত এইবাৰ ১৮২১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাওঁ আৰু ৰাওঁৰ কেবিনেটৰ ১৩ জন সহযোগী আছে। মুঠ ১১৯ খন আসনযুক্ত তেলেংগানা বিধান সভা সমষ্টিৰ কাৰণে টিআৰএচ, আইএনএচ, টিডিপি, বিজেপি, এআইএমআইএম য়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story