Begin typing your search above and press return to search.

তৈল নগৰী দুলীয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা

তৈল নগৰী দুলীয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2018 5:49 AM GMT

সোমবাৰে নিশা প্ৰায় ৭.৩০ বজাত তেল নগৰী দুলীয়াজানত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজনকৈ লোক নিহত হোৱাৰ পিছত সুমবাৰে বিশ্বকৰ্মা পূজাৰ দিনাই হোৱা এই দুৰ্ঘটনাত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় । গুৰুতৰভাৱে আহত চাৰিওজনৰে অৱস্থা অধিক সংকটজনক । ইতিমধ্যে নিশাই আটাইকেইজনকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড় এ এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে । দুলীয়াজান চহৰৰ মাজমজিয়াত অৱস্থিত লাইফ কেয়াৰ নাৰ্ছিং হোমৰ সন্মুখতে সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত লোককেইজনৰ নাম হ’ল শম্ভু ৰাই (৩৫) সুমন ৰাই (২২) ৰোহিত ছেত্ৰী (২২)আৰু নিখিল শ্বাহ (২০)। সুমন ৰাইয়ে জ্যেষ্ঠ ভাতৃ শম্ভু ৰাই (টেংকাৰ চালক)ক কৰ্তব্যৰ বাবে এখন ছুপাৰ স্প্লেণ্ডাৰ বাইকেৰে টিপলিঙত থ’বলৈ গৈছিল । তেনে সময়তে ১৬ নং তিনিআলিৰ দিশৰপৰা এখন পালচাৰ ২২০ত মটৰ চাইকেলত অহা ৰোহিত ছেত্ৰী আৰু নিখিল শ্বাহে তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলত এই ভয়াৱহ ঘটনাটো সংঘটিত হয় ।

Next Story